ডিমাছা সকলৰ পৰম্পৰাগত চেং (হেংদাং) শুদ্ধিকৰণ তথা মাংগলিক পূজাৰ আয়োজন কৰা হয়। হোজাইৰ কোমোৰ‍কটা গাওঁ স্থিত লাংলাই ডাইখত (দেৱস্থানত) পৰম্পৰাগত পূজাৰ আয়োজন কৰা হয়। ডিমাছা কছাৰী সকলৰ পৰম্পৰাগত চেং (হেংদাং) পবিত্ৰ গংগাজলেৰে শুদ্ধিকৰণ কৰাৰ পৰবৰ্তী সময়ত মাংগলিক পূজাৰ বিধি অনুসৰি পূজা সম্পন্ন কৰা হয়। উল্লেখ্য যে, ডিমাছা সকলৰ জনবিস্বাস অনুসৰি এই চেং পূজাই সমাজৰ অপায় অমংগল দূৰ কৰি সমাজত শান্তি-সমৃদ্ধি প্ৰতিস্থা হয়।