চিলাপথাৰত দুটা দিনে নিৰদ্দেশ ১৩ বছৰীয়া কিশোৰ, চিলাপথাৰ আৰক্ষীৰ কাষ চাপিল পৰিয়ালৰ

চিলাপথাৰৰ মাজৰ বাৰী দেবেন্দ্ৰ নগৰৰ নিবাসী গোপাল নমঃশূদ্ৰ আৰু ৰিতু নমঃশূদ্ৰ ৰ একমাত্ৰ পুত্ৰ সন্তান ১৩ বছৰীয়া অভিজিৎ নমঃশূদ্ৰ কালিৰে পৰা নিৰুদ্দেশ হোৱা ঘটনাই তীব্ৰ চাঞ্চ্যলৰ সৃষ্টি কৰিছে। পৰিয়ালৰ লোকে আত্মীয় স্বজনৰ ঘৰত বিচাৰ কৰিছে যদিও বৰ্তমানলৈকে কোনোধৰণৰ শুং সূত্ৰ নোপোৱাত আজি চিলাপথাৰ আৰক্ষী থানাত এখনি লিখিত জাননী দিয়াৰ লগতে কোনো সদাশয় ব্যক্তিয়ে অভিজিৎ নমঃশূদ্ৰক যদি কতবা দেখা পায় তেন্তে পৰিয়ালৰ 8811859913 ফোন নম্বৰত যোগাযোগ কৰিবলৈ সংবাদ মাধ্যমৰ যোগেদি পিতৃয়ে অনুৰোধ জনাইছে।