পেটৰ তাৰণাৰ বাবেই বিভিন্ন সময়ত বিভিন্ন জনৰ আগত ৰখাল ৰখাল কথাৰে হাঁহিৰ খোৰাক জোগোৱা টীয়কৰ এইগৰাকী যুৱক হল চুনীল উৰাং। বিশেষ ভাৱে সক্ষম এইগৰাকী যুৱকৰো আছে অনন্য প্ৰতিভা। 

     আপুনি যদি কেতিয়াবা উজনি মোৱা যাত্রীবাহী ৰে'লত যাত্রা কৰিছে তেন্তে আপুনি হয়টো লগ পাইছে এইগৰাকী স্বভাৱজাত শিল্পীক। পুৱাই পেটৰ তাৰণা আৰু পৰিয়ালটো পুহ পাল দিবৰ বাবে ষ্টেশনলৈ বুলি বাট লয় এইগৰাকী যুৱকে আৰু দিনটোৰ বাবে পাতনি মেলে তেওঁৰ কণ্ঠত ইটোৰ পাছত সিটো সুমধুৰ গীত আৰু কৌতুক অভিনয়। এনেদৰেই ইটো ডবাৰ পৰা সিটো ডবালৈ আমোদ দি যায় যাত্রা পথত লগ পোৱা প্ৰতিজন যাত্রীকে। তাৰ বিনিময়ত লাভ কৰে কোনোজন যাত্রীৰ পৰা ৫ টকা কোনো জনৰ পৰা ১০ টকা। এনেদৰেই চুনীলে চলাই গৈছিল সুখৰ সংসাৰ। 

                বিগত দুটা বছৰে আনক হঁহুৱাই ভাল পোৱা চুনীলে নিজে কান্দিব লগা পৰিস্থিতিৰ সন্মুখীন হৈছে। কিয়নো ক'ৰণাৰ সংহাৰৰ বাবে বন্ধ হৈ আছে যাত্ৰীবাহী ৰেল সমূহ। যাৰ পৰিপ্ৰেক্ষিতত বন্ধ হৈ গল উপাৰ্জনৰ একমাত্র পথটো। বিশেষ ভাৱে সক্ষম লোক সকলৰ বাবে চৰকাৰৰ বিভিন্ন অভিলাষী আচঁনী আছে যদিও কোনোখনে চুব পৰা নাই এইজন যুৱকক। সেয়ে তেওঁ আনলৈ বাট নাচাই ওচৰৰে এজন যুৱকৰ সহযোগত আৰম্ভ কৰিছে কৃষি কৰ্ম। তেওঁৰ এটাই আশা সকলো আগৰ দৰেই হৈ যাওক যাতে তেওঁ পুনৰ ঘূৰি যাব পাৰে এটা ডবাৰ পৰা আন এটা ডবালৈ সুমধুৰ চিৰসেউজ গীত সমূহ লৈ।