হেডলাইন : প্লাষ্টিকৰ বিকল্প বাহঁৰ চুঙাৰ উদ্ভাৱক কাজিৰঙাৰ চন্দন নাথক আমন্ত্ৰণ দিল্লীত অনুস্থিত হবলগা এক বিশেষ অনুষ্ঠানলৈ ।
প্লাষ্টিকৰ বিকল্প হিচাপে অসমৰ বাঁহৰ চুঙা দিল্লীত প্ৰদৰ্শন হব।
India Book of records কৰ্তৃপক্ষই দিল্লীত আয়োজন কৰিছে এই বিশেষ অনুষ্ঠান।
India Book of records ত
বিশ্বৰ কেইবাখনো ৰাষ্ট্ৰৰ বিভিন্ন বিষয়ত বিশেষ পাৰদৰ্শিতা দেখুওৱা লোকসকলক নিমন্ত্ৰন জনাইছে এই অনুষ্ঠানত।
১০০০ টা বিভিন্ন বিষয়ৰ ভিতৰত ১০০ জনক নিৰ্বাচন কৰিছে কৰ্তৃপক্ষই। আৰু এই ১০০ টা বিষয়ৰ ভিতৰত স্থান পাইছে অসমৰ বাঁহৰ চুঙাই।
পাৰিপাৰ্শ্বিক ৰক্ষাৰ উদ্দেশ্যেৰে
কাজিৰঙাৰ চন্দন নাথে উদ্ভাৱন কৰিছিল এই বাহঁৰ চুঙা।
ইতিমধ্যে India Book of record আৰু Asia Book of records ত অন্তৰ্ভুক্ত হৈছে এই বাহঁৰ চুঙা।
কাজিৰঙালৈ অহা দেখি-বিদেশী পৰ্য্যটকক চন্দন নাথে যোগান ধৰি আহিছে
প্লাষ্টিকৰ বিকল্প হিচাপে এই বাহঁৰ চুঙা।
নতুন উদ্ভাৱন এই বাহঁৰ চুঙাটো Kaziranga bamboo bottle নামেৰে পৰিচিত এতিয়া কাজিৰঙাত।
উল্লেখযোগ্য যে বাঁহৰ চুঙাৰ
ব্যৱহাৰে পাৰিপাৰ্শ্বিক ৰক্ষা কৰাৰ ওপৰিও ইয়াৰ দ্বাৰা থলুৱা লোক লাভান্বিতও হব পাৰে।
অসমীয়াৰ বাঁহৰ চুঙাক বিশ্বত প্ৰতিষ্ঠা কৰিবলৈ আগবাঢ়া চন্দন নাথক সহযোগ কৰিব নে জাতীয়তাবাদী দল সংগঠন বা অন্য কোনো লোকে নে "পথাৰো আমাৰ আৰু বজাৰো আমাৰ" বুলি শ্লোগানতে সীমাবদ্ধ থাকিব আমাৰ কৰ্ম !