অসম ইয়ুথ অলিম্পিকত সাফলতা লাভ কৰা মান্দাকাটা লাহিৰাম কাকতি টাং চু ডু একাডেমীৰ তিনি শিক্ষাৰ্থীক কালি বিয়লি সম্বৰ্ধনা জ্ঞাপন কৰা হয় ৷

সোনাপুৰ ডনবক্স ইউনিভাৰ্চিটিত যোৱা

২৪,২৫ জুলাইত অনুষ্ঠিত অসম ইয়ুথ অলিম্পিকত 

লাহিৰাম কাকতি টাং চু ডু একাডেমীৰপৰা ৩ গৰাকী খেলুৱৈয়ে কামৰূপ জিলাক প্ৰতিনিধিত্ব কৰি প্ৰতিযোগিতাত অংশগ্ৰহণ কৰে ৷ ইয়াৰে ৫৩ কেজি আৰু ৪৯ কেজি শাখাত আৰ্চিফা খানম আৰু নাজমিন আহমেদে দ্বিতীয় স্থান অধিকাৰ কৰি ৰূপৰ পদক লাভ কৰিবলৈ সক্ষম হয় ৷ আনহাতে

৬০ কেজি শাখাত চাহিল হকে তৃতীয় স্থানৰে লাভ কৰে ব্ৰঞ্জৰ পদক ৷ প্ৰশিক্ষকদ্বয় তুলু ডেকা আৰু তছলিম আহমেদৰ তত্বাবধায়নত প্ৰশিক্ষণ লাভ কৰা তিনিওগৰাকী শিক্ষাৰ্থীকে বুধবাৰে একাডেমীৰ তৰফৰপৰা সম্বৰ্ধনা জ্ঞাপন কৰা হয় ৷