মৰিগাঁও জিলাৰ আবকাৰী বিষয়া বৰষা বৰা বৰদলৈক গ্ৰেপ্তাৰ কৰে মুখ্যমন্ত্রী দুৰ্নীতি নিবাৰক শাখাই। উৎকোচ লোৱাৰ সময়তে হাতে-লোটে ধৰে বিষয়াগৰাকীক।

জানিব পৰা মতে, চিন্ময় তামুলী নামৰ এজন ব্যৱসায়ীৰ পৰা সুৰা বিপণীৰ অনুজ্ঞাপত্ৰৰ বাবদ বৰদলৈয়ে এক লাখ টকা উৎকোচ হিচাপে বিচাৰিছিল।

পিছত ব্যৱসায়ীজনে বৰষা বৰা বৰদলৈৰ বিৰুদ্ধে দুৰ্নীতি নিবাৰক শাখাৰ ওচৰত এক অভিযোগ দাখিল কৰাত আজি এক অভিযান চলাই ব্যৱসায়ীজনে ২০ হাজাৰ টকা আগধন দিবলৈ লওতেই হাতে-লোটে ধৰা পৰে বিষয়া গৰাকী।