গুৱাহাটী মহানগৰীত পৰিবহণ বিভাগৰ বৃহৎ অভিযান। গণেশগুৰিত সুৰাপায়ী চালকৰ বিৰুদ্ধে চলিল অভিযান। বহু সুৰাপায়ী চালকৰ লগতে হেলমেট নিপিন্ধা লোকক জৰিমনা বিহিলে পৰিবহণ বিভাগে। শেহতীয়াকৈ মহানগৰীত ধাৰাবাহিক ভাবে হোৱা পথ দুৰ্ঘটনাৰ পিছতেই পুনৰ তৎপৰ হৈছে পৰিবহণ বিভাগ। ডাম্পাৰ, ট্ৰাক, বাইকসহ প্ৰতিখন বাহনতে চলিল তীব্ৰ অভিযান।