সোণাৰি মহাবিদ্যালয়ৰ সোণালী জয়ন্তী বৰ্ষৰ সামৰণি অনুষ্ঠানৰ আয়োজন

সোণাৰি, ২৯ জুলাই : চৰাইদেউ জিলাৰ সদৰ সোণাৰিৰ অন্যতম উচ্চ শিক্ষানুষ্ঠান সোণাৰি মহাবিদ্যালয়ৰ গৌৰৱোজ্জল সোণালী জয়ন্তী বৰ্ষৰ সামৰণি অনুষ্ঠানটি অনুষ্ঠিত কৰিবলৈ ব্যাপক প্ৰস্তুতি চলায় থকা হৈছে। ১৯৭০ চনৰ ৫ আগষ্টত প্ৰতিষ্ঠা লাভ কৰা শিক্ষানুষ্ঠান খনৰ সোণালী জয়ন্তী বৰ্ষৰ সামৰণি অনুষ্ঠানটি অহা ৯,১০ আৰু ১১ চেপ্তেম্বৰত তিনিদিনীয়া বিস্তৃত কাৰ্যসূচীৰে অনুষ্ঠিত কৰা হ'ব। মন কৰিবলগীয়া যে সোণাৰিৰ একাংশ সমাজ-সচেতন, দূৰদৰ্শী আলোকসন্ধানী, জ্ঞানান্বেষী, স্বপ্নদ্ৰষ্টাৰ আশাশুধীয়া প্ৰচেষ্টাত গঢ় লৈ উঠা সোণাৰি মহাবিদ্যালয়খনেই বৃহত্তৰ সোণাৰি অঞ্চলৰ একমাত্ৰ উচ্চ শিক্ষানুষ্ঠান হিচাপে পৰিচিত আছিল। পৰৱৰ্তী সময়ত সোণাৰি আৰু ইয়াৰ আশে-পাশে বহুকেইখন উচ্চ শিক্ষানুষ্ঠান গঢ় লৈ উঠিল যদিও জন্মলগ্নৰেপৰা আজিকোপতি সোণাৰি মহাবিদ্যালয়ৰ গৰিমা অক্ষুণ্ণ আছে। প্ৰতি বছৰেই শ শ ছাত্ৰ-ছাত্ৰীয়ে জ্ঞান অৰ্জন কৰিবলৈ সক্ষম হোৱা মহাবিদ্যালয়খনে ইতিমধ্যে ২০২০ বৰ্ষতেই সোণালী জয়ন্তী বৰ্ষ অতিক্ৰম কৰিলে যদিও মহামাৰী ক'ভিদ জনিত পৰিস্থিতিৰ বাবে সোণালী জয়ন্তীৰ সামৰণি অনুষ্ঠানটি পিছুৱাই দিয়া হৈছিল। উল্লেখ্য যে, প্ৰাক্তন ছাত্ৰ নেতা তথা বৰ্তমান যোৰহাট লোকসভা সমষ্টিৰ সাংসদ তপন কুমাৰ গগৈক সভাপতি, মহাবিদ্যালয়খনৰ অধ্যক্ষ ড° বিমল চন্দ্ৰ গগৈক সম্পাদক হিচাপে লৈ সোণালী জয়ন্তী বৰ্ষ উদযাপন সমিতি গঠনৰ জৰিয়তে ইতিমধ্যে আৰম্ভণি অনুষ্ঠান ২০১৯ বৰ্ষত অনুষ্ঠিত কৰাৰ উপৰিও বিগত সময়ছোৱাত গৌৰৱোজ্জল সোণালী জয়ন্তী বৰ্ষৰ লগত সংগতি ৰাখি বিভিন্ন কাৰ্যসূচী ৰূপায়ন কৰিছে মহাবিদ্যালয়খনে। ইয়াৰ পৰিপ্ৰেক্ষিতত মহাবিদ্যালয়খনে অতিক্ৰম কৰা সুদীৰ্ঘ পৰিক্ৰমাক ৰোমন্থনৰ লগতে আগন্তুক দিনত সোণাৰিৰ অন্যতম উচ্চ শিক্ষানুষ্ঠান খনে কেনেদৰে দিক নিৰ্ণায়কৰ ভুমিকা পালন কৰিব পাৰে তাৰেই আলাপ-আলোচনা কৰিবলৈ সোণালী জয়ন্তী বৰ্ষৰ সামৰণি অনুষ্ঠানটি আয়োজন কৰা হৈছে। এই অনুষ্ঠানত ৰাজ্যৰ কেইবাগৰাকীও বিশিষ্ট শিক্ষাবিদ, বুদ্ধিজীৱী তথা ৰাজনীতি বিদৰ অংশগ্ৰহণৰ লগতে বাৰেৰহনীয়া সাংস্কৃতিক অনুষ্ঠানৰো আয়োজন কৰা হৈছে। ইয়াৰ পৰিপ্ৰেক্ষিতত মহাবিদ্যালয়খনৰ বৰ্তমানৰ তথা প্ৰাক্তন ছাত্ৰ-ছাত্ৰী, শিক্ষক-কৰ্মচাৰী, অভিভাৱক তথা শুভাকাংক্ষী ৰাইজৰ সহযোগিতা কামনা কৰিছে মহাবিদ্যালয়খনৰ কৰ্তৃপক্ষ তথা উদযাপন সমিতিয়ে।