বিশিষ্ট ব্যৱসায় তথা উদীয়মান যুৱক ৰাজীৱ দাসৰ প্ৰশংসনীয় পদক্ষেপ

বিশিষ্ট ব্যৱসায় তথা উদীয়মান যুৱক ৰাজীৱ দাসৰ প্ৰশংসনীয় পদক্ষেপ যোৱা কালি যোৰহাটৰ ঢেকীয়াখোৱা বৰ নামঘৰত গুৰুজনাৰ তিৰোভাৱ তিথি উপলক্ষে শিৱসাগৰৰ পৰা গৈ ভকত বৈষ্ণৱক অন্ন জলেৰে আতিথ্য আগবঢ়াই শিৱসাগৰৰ বিশিষ্ট ব্যৱসায়ী ৰাজীৱ দাসে । বিগত ৫ বছৰৰ ধৰি বিশিষ্ট ব্যৱসায় তথা উদীয়মান যুৱক ৰাজীৱ দাসে অতিথি সকলৰ আপ্যায়ন হেতুক সেৱা আগবঢ়াই আহিছে | পৱিত্ৰ ঢেকীয়াখোৱা বৰনাঘ লৈ যি সকল ভক্তৰ আগমন ঘটে সেই সকলক অলপ জনপান , অন্ন যোগান ধৰে এই সমাজসেৱক যুৱক জনে | যোৱা কালি প্ৰায় ৪০০০ ভক্তক জনপান বিতৰণ কৰে ৰাজীৱ দাসে | এই ক্ষেত্ৰত সহযোগিতা আগবঢ়াই সাংবাদিক হিমাংশু নেওঁগ লগতে সত্যজিৎ নাথে | ৰাজীৱ দাসৰ এই প্ৰশংসনী পদক্ষেপক নামঘৰ পৰিচলনা সমিতিৰ লগতে ভক্তপ্ৰাণ ৰাইজে ধন্যবাদ জনাই |