মাজুলী খনৰ চিৰসেউজ পৰিৱেশক আৰু অধিক সেউজীয়া কৰাৰ হেপাহ লৈ উত্তৰ পূব শিশু বিকাশ কেন্দ্ৰ আৰু Indigenous people Climate Justice Forum ৰ উদ্যোগত গেৰেকীৰ পৰা গোৱালাবাৰী মিছিং গাঁও  সংযোগী পথটোত জ্ঞানজ্যোতি গ্ৰন্থাগাৰৰ সহযোগত  গছপুলি ৰূপণ কাৰ্যসূচীৰ শুভাৰম্ভ কৰা হয় ৷ 

এই পথটোত ১০০০ জোপা মুল্যবান গছপুলি ৰূপনৰ কাম শুভাৰম্ভ কৰে উত্তৰ কমলাবাৰী সত্ৰৰ সত্ৰাধিকাৰ জনাৰ্দ্দন দেৱ গোস্বামীয়ে ৷ এই কাৰ্যসূচীত অঞ্চলৰ ৰাইজৰ লগতে সংগঠন দুটাৰ কৰ্মকত্তা সকল উপস্থিত থাকে ৷