মঙ্গলদৈত উদ্যোগিক সজাগতা সভা সম্পন্ন। মঙলদৈ মহিলা কল্যাণ সমাজৰ উদ্যোগত আৰু জিলা উদ্যোগ আৰু বাণিজ্য বিভাগৰ সমর্থিত এক উদ্যোগিক সজাগতা সভা মঙ্গলদৈৰ হোটেল সিদ্ধাৰ্থ পেলেছত অনুষ্ঠিত হয়। উক্ত অনুষ্ঠানত মঙলদৈ বিধানসভাৰ বিধায়ক বসন্ত দাস, আমেৰিকা যুক্তৰাষ্ট্ৰৰ চেম হিউস্টন ইউনিভাৰচিটিৰ অৰ্থনৈতিক বিভাগৰ অধ্যাপক ড' হিৰণ্য কুমাৰ নাথ, সমাজ কৰ্মী অৰুণ বৰুৱা, ইন্দ্ৰেশ্বৰ শৰ্মা, বিশিষ্ট উদ্যোগী মহিলা হেমপ্ৰভা দেৱী, জিলা উদ্যোগ আৰু বাণিজ্য বিভাগৰ পৰিচালক, ভাৰতীয় ষ্টেট বেংকৰ বিষয়াৰ উপৰিও লগতে দৰং জিলাৰ বিভিন্ন অঞ্চলৰ উদ্যোগ ক্ষেত্ৰৰ লগত জড়িত সকল উপস্থিত আছিল। বিধায়ক বসন্ত দাসে গঠনমূলক পৰামৰ্শ আগবঢ়ায়। উদ্যোগি সকলে তেওঁলোকৰ বিভিন্ন সমস্যাৰ কথা উল্লেখ কৰে। তেওঁলোকক বেংক আৰু উদ্যোগ বানিজ্য বিভাগে সহায়ৰ আশ্বাস দিয়ে। অনুষ্ঠানটিৰ আঁত ধৰে মঙ্গলদৈ মহিলা কল্যাণ সমাজৰ সভাপতি ৰশ্মৰেখা শৰ্মাই।
মঙলদৈ মহিলা কল্যাণ সমাজৰ উদ্যোগত আৰু জিলা উদ্যোগ আৰু বাণিজ্য বিভাগৰ সমর্থিত এক উদ্যোগিক সজাগতা সভা
![](https://i.ytimg.com/vi/y0puVw3esDg/hqdefault.jpg)
![Like](https://storage.googleapis.com/nerity.com/uploads/reactions/like.png)