চৰাইদেউৰ অৰুণাচল সীমান্তৰ জনতাই নিৰাপত্তা বিচাৰি মুখ্যমন্ত্ৰীলৈ প্ৰেৰণ কৰিলে স্মাৰক পত্ৰ
**************************************** চৰাইদেউ জিলাৰ অসম অৰুণাচলৰ সীমান্তত শেহতীয়াকৈ সৃষ্টি হোৱা উৎকণ্ঠময় আৰু নিৰাপত্তাজনিত পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত আজি সীমান্তৱৰ্তী অঞ্চলটোৰ জনতাই নিৰাপত্তা বিচাৰি মুখ্যমন্ত্ৰীলৈ এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰিছে। চৰাইদেউ জিলাৰ উপায়ুক্ত পল বৰুৱাৰ যোগেদি আজি প্ৰেৰণ কৰা স্মাৰক পত্ৰ খনত উল্লেখ কৰা মতে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত বৰ্তমান অসম চৰকাৰে আন্তঃৰাজ্যিক সীমা সমস্যা সমাধানৰ যি উদ্যোগ গ্রহণ কৰিছে সেয়া আদৰণীয়।
চৰাইদেউ জিলাৰ সৈতে অৰুণাচল প্ৰদেশৰ লংডিং জিলাৰ দীৰ্ঘদিনীয়া সীমা বিবাদ নিস্পতি কৰিবৰ কাৰণে যোৱা ২৬ আগষ্টত অসম চৰকাৰ আৰু অৰুণাচল চৰকাৰৰ মাজত এক
মন্ত্ৰী আৰু বিষয়া পৰ্যায়ৰ দ্বীপাক্ষিক আলোচনাত অনুষ্ঠিত হৈছিল। সভালৈ চৰাইদেউ জিলাৰ কোনো দল-সংগঠন তথা স্থানীয় ৰাইজক নিমন্ত্ৰণ জনোৱা হোৱা নাছিল। চৰাইদেউ জিলা সংলগ্ন অসম-অৰুণাচল সীমান্তৰ চৰাইপুং অঞ্চলৰ ১৭,১৮৬ বিঘাতকৈ অধিক পৰিমাণৰ এলেকা টংলাম, অচিম আৰু কামকু নামেৰে তিনিখন গাওঁ অৰুণাচলী লোকৰ দখলী দেখুৱাই তেওঁলোকৰ চৰকাৰৰ দখললৈ স্থানান্তৰ কৰা অলাচল চৰকাৰৰ বহুদিনীয়া এক পৰিকল্পনা আমাৰ দৃষ্টিগোচৰ হৈছে। সেই আলোচনা চক্ৰত অসমৰ কেবিনেট মন্ত্রী বিমল বড়া, স্থানীয় বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰ আৰু চৰাইদেউ জিলাৰ প্ৰশাসনিক বিষয়াসকলো উপস্থিত থাকে। যাৰ ফলত আজি স্থানীয় ৰাইজ শংকিত আৰু অতি স্পৰ্শকাতৰ বিষয়টো লৈ যথেষ্ট চিন্তিত হৈ পৰিছে। অসমৰ সেই ঠাইত বসবাস কৰা স্থানীয় ৰাইজৰ জীৱনৰ নিৰাপত্তা এতিয়া নিশ্চিত নহয়। সেই কথা অনুমান কৰি তাৰ পৰৱৰ্তী দিন অৰ্থাৎ ২৭ আগষ্টত চৰাইদেউ জিলাৰ বিভিন্ন দল সংগঠনৰ লগতে স্থানীয় ৰাইজে মিলিত হৈ এখনি ৰাজহুৱা সভা অনুষ্ঠিত কৰা হয় আৰু মুখ্যমন্ত্ৰীৰ দৃষ্টিগোচৰ হোৱাকৈ চৰাইদেউ জিলাৰ উপায়ুক্তৰ যোগেদি এখনি স্মাৰক পত্ৰ দিয়াৰ সিদ্ধান্ত গ্রহণ কৰা হয়। মুখ্যমন্ত্ৰী গৰাকীক বিষয়টো গুৰুত্বসহকাৰে লৈ অসমৰ কোনোধৰণৰ ক্ষতি নোহোৱাকৈ এক স্থায়ী সমাধান সূত্ৰ নিৰূপন কৰিবলৈ সকলো ৰাইজৰ লগতে সকলো দল-সংগঠনে স্মাৰক পত্ৰ খনৰ যোগেদি দাবী জনায়।