বিগত বৰ্ষৰ দৰে এইবছৰো টীয়ক সন্মিলিত যুৱ সংঘৰ উদ্যোগত টীয়কত কেন্দ্ৰীয়ভাৱে শ্ৰীশ্ৰী কৃষ্ণৰ সম্পূৰ্ণ ৰাসলীলাভাগি উদযাপনৰ প্ৰস্তুতি চলাইছে টীয়কবাসী ৰাইজে। যোৱা বছৰৰ দৰে টীয়ক হাইস্কুল খেলপথাৰত "শ্ৰীশ্ৰী কৃষ্ণৰ সম্পূৰ্ণ ৰাসলীলা"ভাগি উদযাপন কৰিবলৈ যো-জা চলাইছে টীয়ক সন্মিলিত যুৱ সংঘই। যোৱা ২৯ আগষ্ট তাৰিখে টীয়ক উচ্চতৰ মাধ্যমিক বালিকা বিদ্যালয়ত অৰ্ধশতাধিকৰো অধিক অনুষ্ঠান-প্ৰতিষ্ঠান, ব্যক্তিৰ উপস্থিতিত এখনি "উদযাপন সমিতি" কৰা হয়। টীয়ক সন্মিলিত যুৱ সংঘৰ সভাপতি অশোক বৰাৰ সভাপতিত্বত হোৱা সভাখনিত উদ্দেশ্য ব্যাখ্যা কৰে সংঘৰ সম্পাদক ৰন্টু ভূঞাই। উক্ত সভাতেই সমাজকৰ্মী প্ৰদীপ চুতীয়াক সভাপতি, ডাঃ যদুনাথ বুঢ়াগোহাঁইক কাৰ্যকৰী সভাপতি, ত্ৰৈলোক্য ফুকন, সঞ্জীৱ সভাপণ্ডিত, ধ্ৰুৱজ্যোতি বৰা আৰু সুৰেন বৰাক উপ-সভাপতি, ৰন্টু ভূঞাক মুখ্য সম্পাদক, ভাস্কৰজ্যোতি বৰা আৰু পাৰ্থ প্ৰতীম দাসক যুটীয়া সম্পাদক হিচাপে লৈ এখনি শক্তিশালী উদযাপন সমিতি ৰাইজৰ সৰ্বসন্মতিক্ৰমে গঠন হয় আৰু তাৰ লগতে অভ্যৰ্থনা ও আদৰণি, শোভাযাত্ৰা, স্মৃতি গ্ৰন্থ, প্ৰচাৰ, শব্দ ও পোহৰ, স্বেচ্ছাসেৱক, মঞ্চ ও সাজ-সজ্জা, আৰু পৰিৱহন বিভাগ উপ-সমিতি গঠন হয়। ৰাজহুৱা সভাতেই ৰাসৰ দুদিনীয়া কাৰ্যসূচীত ধৰ্মালোচনী সভা আৰু বাৰেৰহণীয়া সাংস্কৃতিক শোভাযাত্ৰাৰ কাৰ্যসূচী ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়। উক্ত ৰাজহুৱা সভাত জ্যোতি বিদ্যাপীঠ টীয়কৰ অধ্যক্ষ তথা সংঘৰ মুখ্য উপদেষ্টা প্ৰশান্ত কুমাৰ দাস, টীয়ক পৌৰসভাৰ পৌৰপতি লাকী গগৈ বৰাবৰা, টীয়ক বাণিজ্য সন্থাৰ সভাপতি সঞ্জীৱ সভাপণ্ডিত, সম্পাদক অঞ্জন প্ৰকাশ বৰুৱা, টীয়ক জুনিয়ৰ কলেজৰ অধ্যক্ষা অনিমা ওজা,শৰীৰচৰ্চাবিদ তুষাৰ পাল, জ্যেষ্ঠ নাগৰিক সন্থাৰ সহকাৰী সম্পাদক শিবেন হাজৰিকা,সমাজকৰ্মী প্ৰতাপ শইকীয়া, ৰেঙণি এটি আশাৰ সঞ্চালক বিজু কুমাৰ শৰ্মা, টীয়ক শাখা কবি সন্মিলনৰ সম্পাদক বিমান শইকীয়া, যোৰহাট জিলা চুতীয়া ছাত্ৰ সন্থাৰ সম্পাদক পাৰ্থ প্ৰতীম চুতীয়া,কুঞ্জ কানন কলা কেন্দ্ৰৰ সঞ্চালক পংকজ বৰুৱা, টীয়ক পৌৰসভাৰ ৱাৰ্ড কমিছনাৰ টুলটুল হাজৰিকা, যুৱ ছাত্ৰ পৰিষদৰ টীয়ক আঞ্চলিক সমিতিৰ সভাপতি হিমাংশু বৰুৱা, টীয়ক আছুৰ ভাৰপ্ৰাপ্ত সভাপতি ৰক্তিম হাজৰিকা, আটাছুৰ জিলা সমিতিৰ সদস্য বিপ্লৱ বৰুৱাকে ধৰি টীয়ক প্ৰেছ ক্লাব, কবি সন্মিলন, টীয়ক আছু, যুৱ ছাত্ৰ পৰিষদ, বাণিজ্য সন্থাৰ প্ৰতিনিধিৰ লগতে বহু সংখ্যক স্থানীয় ৰাইজ আৰু টীয়ক সন্মিলিত যুৱ সংঘৰ বিষয়ববীয়াসকল সভাত উপস্থিত থাকে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
घायगाव शिवारातील गलांडे वस्तीवरील डीपी (रोहीत्र) चोरीला
डीपीच चोरट्यांनी नेल्याचे शेतकऱ्यांना काढावी लागते रात्र अंधारात.
वैजापूर :- शैलेंद्र...
રાધનપુર પાણી પુરવઠા વિભાગ સામે લોકોનો આક્રોશ | SatyaNirbhay News Channel
રાધનપુર પાણી પુરવઠા વિભાગ સામે લોકોનો આક્રોશ | SatyaNirbhay News Channel
છેલ્લાં સાત માસથી અપહરણ તથા પોકસો ના ગુન્હામાં નાસતા ફરતા આરોપીને પકડી પાડી AHTU અમરેલી.
છેલ્લાં સાત માસથી અપહરણ તથા પોકસો ના ગુન્હામાં નાસતા ફરતા આરોપીને પકડી પાડી ભોગબનનાર શોધી કાઢતી...
વલસાડ જિલ્લામાં ભાજપના મહિલા સભ્ય રહસ્યમય સંજોગોમાં ગૂમ
વલસાડ જિલ્લાના ધરમપુર તાલુકાના મોટી કોરવડ જિ.પં.બેઠકના ભાજપના મહિલા સભ્ય રહસ્યમય સંજોગોમાં ગુમ થઈ...
ચીન રશિયાની મદદ કરશેતો ત્રીજુ વિશ્વયુદ્ધ થશે! : ઝેલેન્સકી,ચીને કહ્યુ કીવ જઈને બાઈડને આગમાં ઘી નાખ્યુ
યુક્રેન અને રાશીયા વચ્ચે ચાલી રહેલા યુધ્ધ ને એક વર્ષ થવા આવ્યું છે, અમેરિકાના રાષ્ટ્રપતિ જો...