১৯৯৪চনৰ ১ জানুৱাৰী ত শিশুৰ সৰ্বাংগীন বিকাশ সাধনৰ বাবে স্থাপিত ব্যক্তি ক্ৰম ধৰ্মী শিশু অনুষ্ঠান অকণিৰ কবিতা ঘৰ অসম কেন্দ্ৰীয় সমিতি ৰহাই নববৰ্ষ ২০২৪ত ২৯তম্ বৰ্ষ সম্পূৰ্ণ কৰি ৩০তম্ বৰ্ষ ত আৰু কবিতা ঘৰ সংগীত কাননে নববৰ্ষত ১৭তম্ পদাৰ্পন কৰাৰ বাবে অহা ৭জানুবাৰীত এদিনীয়া কাৰ্য্যসূচীৰে ৩০তম্ আৰু ১৭তম্ প্ৰতিষ্ঠা দিৱস উল্লহ মালহেৰে পালন ৰ বাবে অকণিৰ কবিতা ঘৰ অসম কেন্দ্ৰীয় সমিতি ৰহাৰ প্ৰধান পৰিচালক অৱনী কুমাৰ শইকীয়া,প্ৰধান সম্পাদক ৰন্টু মুদৈ সহ প্ৰাক্তন শিক্ষক তথা ৰহা জেষ্ঠ নাগৰিক সন্মিলন ৰ সম্পাদক বিনোৱা ৰাজবংশীক সভাপতি, মহেশ্বৰ দাসক কাৰ্য্যকৰী সভাপতি,মাধব চন্দ্ৰ নাথ,মহেন্দ্ৰ কলিতা,প্ৰবোধ কলিতা,হিৰন্য বৰা,তপন কুমাৰ ৰজকক উপ সভাপতি হিচাপে লৈ এখনি উদযাপন সমিতি গঠন কৰাৰ লগতে বিভিন্ন বিভাগৰ উপ সমিতি গঠন কৰি ইতিমধ্যে প্ৰস্তুতি ত ব্যস্ত হোবাৰ লগতে গীত নৃত্য ৰ আখৰাত ব্যস্ত হৈ পৰিছে কন কন ছাত্ৰ ছাত্ৰী সকল।
উদযাপন সমিতিয়ে জানিব দিয়া মতে ৭ জানুৱাৰী ত পূবা ৯বজাত সভাপতি বিনোবা ৰাজবংশী ৰ দ্বাৰা পতাকা উওোলন আৰু কাৰ্য্যকৰি সভাপতি মহেশ্বৰ দাসৰ দ্বাৰা বন্তি প্ৰজ্বলন কৰি প্ৰতিষ্ঠা দিৱস কাৰ্য্যসূচীৰ শুভাৰম্ভ কৰাৰ পাছত ১০বজাত গিৰিধৰ বৰা সোঁৱৰণী চিত্ৰ-ভাস্কৰ্য্য শিল্প প্ৰদৰ্শনী দ্বাৰ উন্মোচন কৰিব প্ৰাক্তন শিক্ষক তথা চিত্ৰ শিল্পী সুভাষ মেধি লগতে মাধবী মেধি সোঁবৰনী কৰ্মশালা আৰু চিত্ৰাংকন প্ৰতিযোগিতা ত প্ৰশিক্ষক ৰুপে বিশিষ্ট চিত্ৰশিল্পী নিতুপৰ্ন ৰাজবংশী উপস্থিত থাকিব।
দুপৰীয়া ১বজাৰ পৰা অকণিৰ মিলন মেলা ২০২৪ আৰু পৰ্য্যালোচনা সভা লগতে সম্বৰ্ধনা অনুষ্ঠান অনুষ্ঠিত হব।
ষষ্ঠ শ্ৰেণী ক ছাত্ৰী আস্থা নন্দিনী মুদৈ ৰ সভাপতিত্বত অনুষ্ঠিত হব লগা অকণিৰ মিলন মেলা ত মুখ্য বক্তা ৰুপে পঞ্চম শ্ৰেণীৰ ছাত্ৰী প্ৰনামী কলিতা,নিদিষ্ট বক্তা ৰুপে পঞ্চম শ্ৰেণীৰ ছাত্ৰী য়ছবী খেতান,ভাস্বতী বৰা,দ্বিতীয় শ্ৰেণীৰ ছাত্ৰ অংগদ দাস,অষ্টম শ্ৰেণীৰ ছাত্ৰ মিঠু চন্দ্ৰ সিংহ,পঞ্চম শ্ৰেণীৰ ছাত্ৰ অবিনাশ বৰা আৰু পৰ্য্যালোচক ৰুপে শিশু সাহিত্যিক তথা সম্পাদক মৌচাকৰ সম্পাদক শান্তনু তামুলী, বিশিষ্ট চিত্ৰশিল্পী নিতুপৰ্ন ৰাজবংশী, পৰিবেশ বিশেষজ্ঞ,অসম বিজ্ঞান সমিতিৰ আজীৱন সদস্যা মানসী হাজৰিকা, বিশিষ্ট অভিনেতা অৰুন হাজৰিকা,ৰহা ৰাজহ চক্ৰ বিষয়া সুপ্ৰভা ৰা,ৰহা পৌৰসভা পৌৰপতি বন্তি হাজৰিকা উপস্থিত থাকিব।
বিয়লী ৪বজাত অন্তৰংগ আলাপ অনুষ্ঠান আৰু জিকমিক ৰূপালী জোনাক সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হব।
অনুষ্ঠানৰ উদ্বোধন কৰিব ৰহা সমষ্টিৰ বিধায়ক শশীকান্ত দাসে।