guwahদেশত বৃদ্ধি পাবলৈ ধৰিছে নতুনকৈ কৰ’নাত আক্ৰান্তৰ সংখ্যা। শুকুৰবাৰতকৈ শনিবাৰে অধিক বৃদ্ধি পাইছে। কৰ’নাত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যাও বহু পৰিমাণে বৃদ্ধি পাইছে। কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ৰ দৈনিক পৰিসংখ্যা অনুসৰি শনিবাৰে দেশত মুঠ ১৮,৮৪০ জন লোক কৰ’নাত আক্ৰান্ত হৈছে। শুকুৰবাৰে দৈনিক আক্ৰান্তৰ সংখ্যা আছিল ১৮,৮১৫ জন। যোৱা ২৪ ঘণ্টাত দেশত ৪৩ জন লোকৰ মৃত্যু হৈছে। শুকুৰবাৰে দেশত কৰ’নাত আক্ৰান্ত হৈ ৩৮ জন লোকৰ মৃত্যু হয়। অৰ্থাৎ ২৪ ঘণ্টাৰ ভিতৰতে দেশত কৰ’না আক্ৰমণৰ সংখ্যাৰ সমান্তৰালভাৱে মৃত্যু হোৱা লোকৰ সংখ্যাও বৃদ্ধি পালে।

Sponsored

कृष्णा हाइट्स - कोटा

कृष्णा हाइट्स की ओर सभी कोटा एवं बूंदी वासियों को नवरात्री, दशहरा तथा दीपावली की हार्दिक शुभकामनायें |

কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ৰ দৈনিক কৰ’নাৰ পৰিসংখ্যা অনুসৰি শনিবাৰে দেশত দৈনিক সংক্ৰমণৰ হাৰ আছিল ৪.১৪ শতাংশ। দেশত যোৱা ২৪ ঘণ্টাত ৪৩ জন লোকৰ মৃত্যু হোৱাৰ লগে লগে দেশত মুঠ ৫ লাখ ২৫ হাজাৰ ৩৮৬ জন লোকৰ মৃত্যু হৈছে কৰ’নাত। এই মুহূৰ্তত দেশত সক্ৰিয় কৰ’না ৰোগীৰ সংখ্যা হৈছে ২৬৯৩ জন।