ড্ৰাগছৰ বিৰুদ্ধে অভিযান অব্যাহত ৰখা অসম আৰক্ষীয়ে অসম-ত্ৰিপুৰা সীমান্তৰ চুৰাইবাৰীৰ পৰা বৃহৎ পৰিমাণৰ নিচাজাতীয় সামগ্ৰী জব্দ কৰিবলৈ সক্ষম হৈছে।

Sponsored

कुशाल इलेक्ट्रिशियन (होम सर्विस) - कोटा (राजस्थान)

सभी इलेक्ट्रॉनिक पार्ट्स रिपेयरिंग एवं लाइट फिटिंग काम किए जाते हैं। संपर्क ( मोबाइल ) 9460258192

জব্দ কৰা গাঞ্জাখিনিৰ ওজন ৪৭২৮ কিলোগ্ৰাম আৰু ইয়াৰ বজাৰ মূল্য প্ৰায় ৫ কোটি টকা।

আৰক্ষীৰ প্ৰকাশ কৰা অনুসৰি, সোমবাৰে নিশা ত্ৰিপুৰাৰ পৰা আহি থকা AS01FC 1894 নম্বৰৰ ৰবৰ কঢ়িওৱা এখন ট্ৰাকৰ পৰা জব্দ কৰে গাঞ্জাখিনি। 

কিন্তু আৰক্ষীয়ে ট্ৰাকখন ৰখোৱাৰ পিছতে চতুৰালিৰে ট্ৰাকখনৰ চালকজন ঘটনাস্থলৰ পৰা পলায়ন কৰিবলৈ সক্ষম হয়।

সম্প্ৰতি এই ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে।