বৰ্তমান বাৰিষাৰ সময় ৷ এই সময়ছোৱাত হাবিয়ে-বননিয়ে পোৱা বিভিন্ন প্ৰজাতিৰ বনৰীয়া কাঠফুলা খাই বিষক্রিয়া হোৱাৰ ঘটনা পূর্বে পৰিলক্ষিত হোৱাৰ পৰিপ্ৰেক্ষিতত ৰাইজক হাবি-বননিত পোৱা বনৰীয়া কাঠফুলা খোৱাৰ পৰা বিৰত থাকিবলৈ শিৱসাগৰ জিলাৰ স্বাস্থ্য বিভাগৰ যুটীয়া স্বাস্থ্যসেৱা সঞ্চালক ডাঃ মাখন কলিতাই আহ্বান জনাইছে৷ উল্লেখ যে, বাৰিষা কালত বাটে-ঘাটে, হাবিয়ে-জংঘলে পোৱা কাঠফুলাত বিভিন্ন ক্ষতিকাৰক বিষাক্ত পদার্থ থাকে, তেনে কাঠফুলা সেৱনৰ ফলত মৃত্যু পর্যন্ত হয়। এই বিষাক্ত কাঠফুলা খোৱাৰ ফলত পেটৰ বিষ, বমি, পনীয়া শৌচ, মূৰৰ বিষ আৰু জ্বৰৰ দৰে লক্ষণে দেখা দিয়ে। যদিহে কোনো ব্যক্তি অথবা পৰিয়ালে বিষাক্ত কাঠফুলা খোৱা বুলি সন্দেহ কৰে, তেন্তে উপসর্গসমূহ দেখা দিয়ালৈ অপেক্ষা নকৰি অনতিপলমে নিকটতম স্বাস্থ্য কেন্দ্ৰৰ সৈতে যোগাযোগ কৰিবলৈও জিলা স্বাস্থ্য বিভাগৰ তৰফৰ পৰা আহ্বান জনোৱা হৈছে। তদুপৰি বিষাক্ত কাঠফুলা সম্পর্কে চলি থকা কিছুমান ভ্রান্ত ধাৰণা যেনে- সকলো বিষাক্ত কাঠফুলাৰ ৰং উজ্জ্বল আৰু জিলিকি থকা, হাবি-বননিত পোৱা কাঠফুলা ফ্রীজত, ৰ'দত শুকুৱাই বা বৰফত থৈ ৰান্ধি খালে নিৰাপদ হয়, বিষাক্ত কাঠফুলাৰ গোন্ধ আৰু সোৱাদ অতি উগ্র ইত্যাদি ভ্রান্ত ধাৰণাৰ বশৱৰ্তী নহৈ ৰাইজক বিষাক্ত কাঠফুলা খোৱাৰ পৰা বিৰত থাকিবলৈ জিলাখনৰ স্বাস্থ্য বিভাগৰ পৰা ৰাইজক সতৰ্ক কৰি দিছে ৷ উল্লেখযোগ্য যে, এই বনৰীয়া কাঠফুলা সেৱনৰ ভয়াৱহতা সন্দৰ্ভত সজাগতা সৃষ্টিৰ বাবে শিৱসাগৰ জিলাৰ স্বাস্থ্য বিভাগৰ তৰফৰ পৰা স্বাস্থ্যকর্মীসকলে সচেতনতা সভাৰ জৰিয়তে ৰাইজক বনৰীয়া কাঠফুলা সেৱনৰ বিপদসংকুল ফলাফল সন্দর্ভত অহৰহ অৱগত কৰাৰ লগতে বিশেষকৈ চাহ বাগিচা অঞ্চলত মাইকৰ জৰিয়তে ঘোষণা কৰি, ভ্ৰাম্যমান চিকিৎসাসেৱা গোটৰ দ্বাৰা চাহবাগিছাসমূহৰ এম্বুলেঞ্চৰ দ্বাৰা মাইকেৰে ঘোষণাৰ জৰিয়তে ৰাইজক সজাগ কৰাৰ পদক্ষেপ গ্রহণ কৰা হৈছে বুলি জিলা স্বাস্থ্য বিভাগৰ গণমাধ্যম বিশেষজ্ঞ অঞ্জুশ্ৰী ফুকনে জানিবলৈ দিছে ৷ আনহাতে একেদৰে সামাজিক মাধ্যমৰ যোগেদিও বিভিন্ন সচেতনতা বার্তা প্ৰেৰণ কৰি বনৰীয়া কাঠফুলা সেৱনৰ পৰা বিৰত থাকিবলৈ ৰাইজক অৱগত কৰা হৈছে।