মৰিগাঁও মৈৰাবাৰীৰ পিছত মৰিগাঁও চহৰৰ মাজ মজিয়াৰ মিলনপুৰৰ পৰা গ্ৰেপ্তাৰ কৰিছে পুনৰ এজন জেহাদীৰ লিংকমেনক। 

আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হোৱা লিংকমেনজনক আফছাৰুদ্দিন ভূঞা বুলি পৰিচয় লাভ কৰিছে। 

ধৃত আফছাৰুদ্দিনে কম্পিউটাৰ ইনষ্টিটিউটৰ পৰা চলাইছিল জেহাদীৰ কাৰ্যকলাপ। 

আনহাতে আফছাৰুদ্দিন পেচাত মৰিগাঁৱৰ মিলনপুৰৰ তিনি নং ৱাৰ্ডৰ এজন টিউচন শিক্ষক আছিল।

আৰক্ষীৰ হাতত আফছাৰুদ্দিন বাংলাদেশলৈ যোৱাৰ তথ্য আহি পৰিছে।