ভাৰতীয় ক্ৰীড়া প্ৰাধিকৰণৰ গুৱহাটীস্থ ক্ৰীড়াংগনত আয়োজিত 'অসম যুৱ অলিম্পিক' মহোৎসৱত উছু (সমৰ কলা) মেগা প্ৰতিযোগিতাৰ দুটা পৃথক শাখাত বিশ্বনাথ জিলাক প্ৰতিনিধিত্ব কৰি প্ৰতিভাৱান খেলুৱৈ গহপুৰৰ দিব্যা আচাৰ্য আৰু ৰিম্পী বসুমতাৰীয়ে ব্ৰঞ্জৰ পদক লাভ কৰিবলৈ সক্ষম হোৱা বাৰ্তাই ক্ৰীড়াপ্ৰেমী ৰাইজক উৎফুল্লিত কৰিছে ৷ ছয়দুৱাৰ উছু একাডেমি, গমিৰি স্পৰ্টচ একাডেমি আৰু সুৰভি সাহিত্য সমাজ-মধ্যছয়দুৱাৰ-ৰ লগতে অঞ্চলটিৰ একাধিক অনুষ্ঠান-প্ৰতিষ্ঠানে খেলুৱৈদ্বয়ক আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছে ৷ ইতিমধ্যে সমৰকলা ক্ৰীড়াৰ বিভিন্ন প্ৰতিযোগিতাত ৰাষ্ট্ৰীয় স্তৰতো জিলিকি উঠা দুয়োগৰাকী খেলুৱৈলৈ আমিও হিয়াভৰা অভিনন্দন জনাই দুয়োৰে উজ্বল ভৱিষ্যত কামনা কৰিছোঁ ৷ 

প্ৰশিক্ষক স্নেহৰ Rituraj Biswakarma লৈ পুনৰ অভিনন্দন ৷