বিবাহৰ প্ৰতিশ্ৰুতিৰে যৌন সম্পৰ্কৰ অভিযোগক ধৰ্ষণ বুলি ক’ব নোৱাৰি। শুকুৰবাৰে কেৰালা উচ্চ ন্যায়ালয়ে এটা গোচৰত এনে ৰায় দিয়ে।
এগৰাকী অধিবক্তাৰ বিৰুদ্ধে তেওঁৰ প্ৰেয়সীয়ে ধৰ্ষণৰ অভিযোগ উত্থাপন কৰে। তেওঁ দাবী কৰে যে বিয়াৰ প্ৰতিশ্ৰুতিৰে প্ৰেমিকজনে তেওঁৰ লগত এবাৰতকৈ অধিক যৌন সম্পৰ্ক স্থাপন কৰিছে। কিন্তু চাৰি বছৰ সম্পৰ্কৰ অন্তত এতিয়া বিয়াৰ বাবে অমান্তি হৈছে অধিবক্তাজন। এই গোচৰটো আদালতত দাখিল কৰা হৈছিল। আৰু অভিযুক্ত অধিবক্তাজনে আগতীয়াকৈ জামিন বিচাৰি উচ্চ ন্যায়ালয়লৈ গৈছিল।
শুকুৰবাৰে গোচৰৰ শুনানিৰ সময়ত কেৰালা উচ্চ ন্যায়ালয়ে কয় যে যদি তেওঁ সন্মতি অবিহনে বা জোৰ-জবৰদস্তিৰে যৌন সম্পৰ্ক স্থাপন কৰে তেন্তে তেওঁক ধৰ্ষণকাৰী বুলি কোৱা হয়। কিন্তু দুজন প্ৰাপ্তবয়স্কই যদি নিজৰ ইচ্ছামতে যৌন সম্পৰ্ক স্থাপন কৰে, তেন্তে ইয়াক ধৰ্ষণ বুলি ক’ব নোৱাৰি। কেৰালা উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ বেচু কোৰিয়ান থমাছে কয় যে দুজন প্ৰাপ্তবয়স্ক সংগীয়ে নিজৰ ইচ্ছামতে যৌন সম্পৰ্ক স্থাপন কৰিব পাৰে। ইয়াক ভাৰতীয় দণ্ডবিধিৰ ৩৭৬ নং ধাৰাত ধৰ্ষণৰ কোনো গোচৰত অন্তৰ্ভুক্ত কৰিব পৰা নগ’ল। প্ৰতাৰকৰ লগত সম্পৰ্ক থাকিলে বা ভুৱা পৰিচয় থাকিলে বেলেগ কথা।"
ন্যায়াধীশগৰাকীয়ে লগতে কয় যে যদি কোনো পুৰুষে বিয়াৰ প্ৰতিশ্ৰুতি দি যৌন সম্পৰ্ক স্থাপন কৰে আৰু তাৰ পিছত বিবাহ কৰিবলৈ অস্বীকাৰ কৰে তেন্তে ইয়াক ধৰ্ষণ বুলি ক’ব নোৱাৰি।