নিশা শিৱসাগৰত ভয়ংকৰ পথ দুৰ্ঘটনা | খাৱৈত বাগৰিল নৈশ বাছ |

শিৱসাগৰৰ গেমন দলঙৰ সমীপত দুৰ্ঘটনা। NH 37 ৰ পৰা খাৱৈত বাগৰিল নৈশ যাত্ৰীবাহী বাছ। দুৰ্ঘটনাত পতিত হোৱা তনুজ নামৰ বাছ খন গুৱাহাটীৰ পৰা ডিগবৈ অভিমুখী আছিল। প্ৰায় ২৫ জন যাত্ৰী থকা বাছ খন দুৰ্ঘটনাত পতিত হোৱাত প্ৰায় ৮ জন লোক গুৰুতৰ ভাবে আঘাত প্ৰাপ্ত হয়। আহত লোক সকলক ভৰ্তি কৰোৱা হয় শিৱসাগৰ অসামৰিক চিকিৎসালয়ত। নিশা প্ৰায় ৩ বাজি ২০ মিনিটত সংঘটিত হোৱা দুৰ্ঘটনা তো যাত্ৰী সকলৰ ভাষ্য অনুসৰি চালকে সুৰাপান কৰি তীব্ৰ চলোৱাৰ বাবে দুৰ্ঘটনা সংঘটিত হোৱা বুলি মত ব্যক্ত কৰিছে। আনহাতে দুৰ্ঘটনা সংঘটিত হোৱাৰ পাছত পলায়ন কৰে বাছ খনৰ ড্ৰাইভাৰ আৰু হেণ্ডিমেন। বৰ্তমানে যান বাহন আৰক্ষীয়ে বাছ খনৰ উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে।