সোণাৰিৰ এগৰাকী অৱসৰপ্ৰাপ্ত শিক্ষকৰ কৰুণ কাহিনী।

Sponsored

पटौदी इंटरप्राइजेज एवं अलगोजा रिसोर्ट - बूंदी

पटौदी इंटरप्राइजेज एवं अलगोजा रिसोर्ट कीऔर से बूंदी वासियों को दीपावली की हार्दिक बधाई व शुभकामनाएं

শিক্ষাৰ পোহৰ বিলোৱা এগৰাকী অৱসৰপ্ৰাপ্ত অধ্যক্ষৰ দুৰ্বিসহ জীৱনে চকু কপালত তুলিছে সচেতন মহলৰ। ২০০৭ চনতে অৱসৰ গ্ৰহণ কৰা এইগৰাকী শিক্ষকে বৰ্তমান উলংগ হৈ বন্দীত্বৰ জীৱন কটাইছে নিজ গৃহত। জানিব পৰা মতে পত্নীৰ মৃত্যুৰ পাছৰেপৰা মানসিক ভাৰসাম্য হেৰুৱাই পেলোৱা সোণাৰিৰ এইগৰাকী শিক্ষকৰ একমাত্ৰ কন্যাৰ নাই নিজ পিতৃৰ প্ৰতি ভ্ৰুক্ষেপ। ইফালে কৰ্মসূত্ৰে আমেৰিকাত থকা কন্যাই বহু বছৰ ধৰি নিজৰ পিতৃক চাবলৈ এবাৰলৈও ঘৰলৈ নহাৰ বিপৰীতে পিতৃৰ বেংক একাউণ্ট নিজৰ নামত হস্তগত কৰাৰ অভিযোগ উত্থাপন হৈছে। সোণাৰি নগৰৰ মাজমজিয়াত বিশাল সম্পত্তি থকা অৱসৰপ্ৰাপ্ত অধ্যক্ষগৰাকীক চাবলৈ এগৰাকী পৰিচাৰিকা নিয়োজিত হৈ আছে যদিও ঘৰৰ ভিতৰত আৱদ্ধ হৈ থাকিবলগীয়া ঘটনাই চকু কপালত তুলিছে সকলোৰে।