ঢকুৱাখনাত ড্ৰাগছসহ 2 সৰবৰাহকাৰী গ্ৰেপ্তাৰ।
ঢকুৱাখনা আৰক্ষীৰ দলে সোমবাৰে সন্ধিয়া গোপন সূত্ৰৰ পম খেদি ড্ৰাগছ বিৰোধী অভিযান চলাই এম টি ৰেষ্টুৰেন্টৰ সন্মুখত এজন যুৱকক আটক কৰে।
আটক কৰা যুৱক জন ঢকুৱাখনা নগৰৰ মহঘুলি চাপৰিৰ প্ৰয়াত ৰাজেশ দাসৰ কিশোৰ পুত্ৰ বিপুল দাস আৰু যুৱক জনৰ পকেটৰ পৰা ০'৮৭ মিলি গ্ৰাম ওজনৰ ড্ৰাগছ ভৰ্তি কনটেনাৰ উদ্ধাৰ কৰে।
ইপনে ঘটনা স্থলী পৰাই আৰক্ষীৰ অহাৰ উমান পাই এজন যুৱক পলাই গৈছিল যদিও আৰক্ষীযে পৰৱৰ্তী সময়ত আটক কৰে।আটকাধীন দ্বিতীয় জন যুৱক ৰামপুৰ চাপৰি গাঁৱৰ অজিত চেতিয়া।
ধৃত ড্ৰাগছ সৰবৰাহকাৰী দুটাক আৰক্ষীযে জেৰা অব্যাহত ৰাখিছে।