উত্তৰ পূৱ ভাৰতৰে এখন অন্যতম বিখ্যাত বৈষ্ণৱপীঠ শ্ৰীশ্ৰী বাসুদেৱ থান নৰোৱা সত্ৰৰ বিশিষ্ট সত্ৰীয়া শিল্পী আৰু বাসুদেৱ মন্দিৰৰ পূজাৰী তথা সত্ৰ উন্নয়ন সমিতিৰ প্ৰাক্তন সম্পাদক দূৰ্ল্লভ দেৱগোস্বামী বিগত বহুদিন ধৰি জটিল ৰোগত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছে । গুৱাহাটীৰ এখন ব্যক্তিগত চিকিৎসালয়ত জৰুৰীকালীন সেৱা বিভাগত চিকিৎসাধীন হৈ থকা সত্ৰৰ পূজাৰীজনৰ স্বাস্থ্য অত্যন্ত অৱনতি ঘটাত চিকিৎসকে দুদিন ধৰি ICU ত ৰাখিছে । উল্লেখ্য যে সত্ৰীয়া বৈষ্ণৱ দুৰ্লভ দেৱগোস্বামীৰ পৰিয়ালে তেখেতৰ সু- চিকিৎসাৰ নামত যি কেইটা সাঁচতীয়া ধন সম্পত্তি আছিল সকলো শেষ কৰি এতিয়া নিৰুপায় হৈ পৰিছে সকলো ফালে। সত্ৰৰ পূজাৰী হিচাবে লাভ কৰা সামান্য অৰিহণাৰ ধনেৰে জীৱন নিৰ্বাহ কৰা দুৰ্দশাগ্ৰস্ত নি:কিন পৰিয়ালটোৱে এতিয়া আৰ্থিক ভাৱে জুৰুলা হৈ দিক্ বিদিক হেৰুৱাই পেলাইছে।সত্ৰৰ বৈষ্ণৱ দুৰ্লভ দেৱ গোস্বামীৰ সু-স্বাস্থ্যৰ বাবে এতিয়া উন্নত চিকিৎসাৰ বাবে এতিয়া যথেষ্ট পৰিমাণে ধনৰ প্ৰয়োজন হৈছে যদিও সেইয়া যোগাৰ কৰিবলৈ অপাৰগ হৈছে পত্নী আৰু কনমাণি সন্তান কেইটিয়ে। সেইয়ে নিৰুপায় হৈ অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা, স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্ত, আৰু বিধায়ক নৱকুমাৰ দলেৰ লগতে,বিভিন্ন দল-সংগঠন আৰু সত্ৰৰ ভকত বৈষ্ণৱ, শিষ্য-প্ৰশিষ্য সকলৰ পৰা সহায়ৰ হাত কামনা কৰিছে পৰিয়ালৰ লগতে সত্ৰবাসীয়ে।

📲ইচ্ছুক সকলে সত্ৰীয়া বৈষ্ণৱ তথা পূজাৰী গৰাকীৰ চিকিৎসাৰ বাবে আৰ্থিক ভাৱে সহায় কৰিবলৈ তেখেতৰ পুত্ৰৰ-

A/c No - হৈছে 50455054434

Shankarjyoti Dev Goswami (Son)Bank: Indian bank Branch-Bebejia Tiniali (1562)IFSC : IDIB000B706

যোগাযোগ নম্বৰ- 6001807591