কামৰূপ মে'ট্ৰ' জিলাৰ ক্ষেত্রীৰ উলনিত এটা মৃতদেহ উদ্ধাৰ হোৱাক কেন্দ্ৰ কৰি অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে। 

মৃতদেহটো প্ৰায় অৰ্ধগলিত অৱস্থাত পথাৰৰ মাজত থকা এটা জলাশয়ত উদ্ধাৰ হৈছে।

মৃত লোকজনৰ নাম ৰূপজ্যোতি হাজৰিকা বুলি চিনাক্ত কৰা হৈছে।

জানিব পৰা মতে, যোৱা ২৬ জুলাইৰ পৰা সন্ধানহীন হৈ থকা ৰূপজ্যোতি পেচাত এগৰাকী শিক্ষক আছিল। 

ঘটনা সন্দৰ্ভত ৰূপজ্যোতিৰ পত্নীয়ে ফেচবুকত এটা প'ষ্ট দিছিল। সমগ্ৰ ঘটনা এতিয়াও ৰহস্যৰ আৱৰ্তত যদিও ঘটনাস্থলত ক্ষেত্রী আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে।