BTR ৰ কাৰ্যবাহী সদস্য ৰাকেশ ব্ৰহ্মৰ গ্ৰেপ্তাৰৰ দাবীত তামুলপুৰ আৰক্ষী থানাত বিপিএফৰ এজাহাৰ দাখিল।

যোৱা ২৩ আগষ্টত বিটিআৰৰ কাৰ্যবাহী সদস্য ৰাকেশ ব্ৰহ্মই বাগসাৰ অদালবাৰীত এখন খেল পথাৰ উন্মোচন কৰি সংবাদ মাধ্যমৰ আগত বিপিএফ দলক মানুহ হত্যাকাৰীৰ দল বুলি আখ্যা দিয়া কাৰ্যত জাঙুৰ খায় উঠিছে তামুলপুৰ জিলা বিপিএফে ৷ বিটিচিৰ কাৰ্যবাহী সদস্য তথা ইউপিপিএল দলৰ জেষ্ঠ্য নেতা গৰাকীৰ এনে অসাংবিধানিক, গণতন্ত্ৰ বিৰোধী মন্তব্যৰ বিৰোধীতাৰে আজি তামুলপুৰ জিলা বিপিএফ দলে ৰাকেশ ব্ৰহ্মক গ্ৰেপ্তাৰ কৰাৰ দাবীত তামুলপুৰ আৰক্ষী থানাত এজাহাৰ দাখিল কৰে। এজাহাৰ দাখিল কৰি তামুলপুৰ জিলা বিপিএফৰ সভাপতি বিটিচিৰ প্ৰাক্তন কাৰ্যবাহী সদস্য মহেশ্বৰ বসুমতাৰী কয়, বিপিএফ দল ভাৰতীয় নিৰ্বাচনী আয়োগৰ দ্বাৰা স্বীকৃতি প্ৰাপ্ত এটা ৰাজনৈতিক দল ৷ বিটিচিৰ এজন দায়িত্বশীল কাৰ্যনিৰ্বাহক সদস্য ৰাকেশ ব্ৰহ্ম এটা সাংবিধানিক পদত থকাৰ পাছতো দেশৰ নিৰ্বাচনী আয়োগৰ দ্বাৰা স্বীকৃতিপ্ৰাপ্ত বিপিএফ ৰাজনৈতিক দলৰ নেতা কৰ্মী সকলক হত্যাকাৰী আখ্যা দিয়া কাৰ্যক গৰিহনা দি কয়,ক্ষমতাই মুৰত ধৰা বিচিচিৰ কাৰ্যবাহী সদস্য ৰাকেশ ব্ৰহ্মৰ এনে মন্তব্যক কেতিয়াও গ্ৰহনযোগ্য নহয় বুলি মন্তব্য