শিৱসাগৰ ৰেল ষ্টেচনৰ চৌহদত প্ৰতিবাদ

শিৱসাগৰ ৰেল ষ্টেচনৰ চৌহদত প্ৰতিবাদ। ৰেলুৱেৰ ভূমিত বসবাস কৰা শতাধিক পৰিয়ালে আজি প্ৰতিবাদ কৰে | উচ্ছেদৰ জাননী লাভৰ পিছতে কৰে এই প্ৰতিবাদ। দীৰ্ঘদিন ধৰি ৰেলুৱে এলেকাধীন অঞ্চলত বসবাস কৰি আহিছিল ৭৮ টা পৰিয়ালে | অহা কালিলৈ এইকেইটা পৰিয়ালক কৰা হব উচ্ছেদ | যাৰ বাবে পুনৰ সংস্থাপনৰ দাবী বিচাৰি আজি ৰেলুৱে এলেকাধীন ৰাইজ সকলে অৱস্থান ধৰ্মঘট কাৰ্য্যসুচী ৰূপায়ণ কৰে | ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি , কৃষক মুক্তি সংগ্ৰাম সমিতি , ৰাইজৰ দলৰ নেতৃত্ব হয় এই প্ৰতিবাদ।