ধেমাজি মৰিধল মহাবিদ্যালয়ত ৰাজনীতি বিজ্ঞান বিভাগৰ প্ৰাক্তন শিক্ষাৰ্থী সমাৰোহ অনুষ্ঠিত ,

 আজি ধেমাজি মৰিধল মহাবিদ্যালয়ত ৰাজনীতি বিজ্ঞান বিভাগৰ প্ৰাক্তন শিক্ষাৰ্থী সমাৰোহ ২০২২ অনুষ্ঠান অনুষ্ঠিত হয়। পুৱাৰে পৰা আৰম্ভ হোৱা প্ৰাক্তন শিক্ষাৰ্থী সমাৰোহ খনিত *জ্যোতিষ্ময়* নামৰ এখন আলোচনীখনিও শুভ উন্মোচন কৰে মহাবিদ্যালয়ৰ অধ্যক্ষ দ্বিপেন শইকীয়া ডাঙৰীয়াই । আলোচনীখনি উন্মোচন কৰাৰ পাছতেই প্ৰাক্তন অধ্যাপক দেৱ দত্ত ডাঙৰীয়াৰ দ্বাৰা বন্তি প্ৰজ্বলন কৰি সমাৰোহ খনি আৰম্ভ কৰে। সমাৰোহখনিত মহাবিদ্যালয়খনিৰ ন-পুৰণি ছাত্ৰ-ছাত্ৰীৰ মাজত অন্তৰংগ আলাপ, গীত,কবিতা,নৃত্যৰে নিজৰ প্ৰতিভা প্ৰদৰ্শন কৰি অনুষ্ঠানটি জীপাল কৰি তোলে।