ধেমাজি জিলা গোৰ্খা সন্মিলনৰ কোষাধ্যক্ষ খেম বাহাদুৰ ছেত্ৰীৰ মৃত্যু গোৰ্খা সন্মিলনৰ শোকপ্ৰকাশ

ডিমৌ গাঁও পঞ্চায়তৰ সভাপতি তথা নাহাৰবাৰী প্ৰথমিক বিদ্যালয়ৰ প্ৰাক্তন প্ৰধান শিক্ষক আৰু অসম গোর্খা সন্মিলনৰ ধেমাজি জিলা সমিতিৰ কোষাধ্যক্ষ খেম বাহাদুৰ ছেত্ৰীৰ আজি পুৱতি নিশা ডিমৌৰ নিজ বাসভৱনত পৰলোক প্ৰাপ্তি ঘটে । প্ৰাক্তন শিক্ষক, সমাজকৰ্মী সৰবৰহী লোকজনৰ মৃত্যুত সমগ্র অঞ্চলতে শোকৰ ছাঁ পৰিছে । কিছুদিনৰ পৰা লিভাৰজনীত ৰোগত আক্ৰান্ত হৈ আছিল খেম বাহাদুৰ ছেত্ৰী । সমাজসেৱী লোকজনৰ মৃত্যুৰ খবৰ পোৱাৰ লগে লগে গোৰ্খা ছাত্ৰ সন্থা, গোৰ্খা সন্মিলন আদিকে ধৰি বিভিন্ন দল সংগঠন আৰু বহুতো গুণমুগ্ধই মৃতকৰ ঘৰত গৈ শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে । গোৰ্খা সন্মিলনৰ সক্ৰিয় কৰ্মীগৰাকীৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে ধেমাজি জিলা গোৰ্খা সন্মিলনৰ সভাপতি বিষ্ণুলাল প্ৰধানে ।