মায়ানগৰী মুম্বাইত উজ্বলিল অসমৰ বোৱাৰী শান্তনা বৰুৱা। স্কাই প্লাছ মাল্টিমিডিয়া আৰু এছ ডি প্ৰডাকচনে আয়োজন কৰা মিচেছ এছ ডি প্ৰিন্ট ইউনিভাৰ্ছৰ খিতাপ আজুৰি আনি অসম তথা উত্তৰ-পূৱলৈ গৌৰৱ কঢ়িয়াই আনিলে মহিলাগৰাকীয়ে।

যোৱা ২৬ আগষ্টত অনুষ্ঠিত এই আন্তৰাষ্ট্ৰীয় প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছিল  বিশ্বৰ কেইবাখনো দেশৰ প্ৰায় ১৫১ গৰাকী প্ৰতিযোগীয়ে। য'ত বিচাৰক হিচাপে উপস্থিত আছিল বলিউদৰ বহুকেইগৰাকী প্ৰতিষ্ঠিত অভিনেতা-অভিনেত্ৰীয়ে। কৰ্মসূত্ৰে তিনিচুকীয়া পৰ্বতীয়াৰ বাসিন্দা শান্তনা যোৰহাট মালোআলি গাঁৱৰ জীয়ৰি। ইণ্ডিয়ান অইল কৰ্প'ৰেশ্যনৰ অধীনত ব্যক্তিগত খণ্ডত কম্পিউটাৰ অপাৰেটৰ হিচাপে কৰ্মৰত শান্তনাই অসম তথা উত্তৰ পূৰ্বাঞ্চলত আয়োজন কৰা বিহু প্ৰতিযোগিতাত বিহুৰাণীকে ধৰি আন বহুকেইটা খিতাপ বুটলিবলৈ সক্ষম হৈছিল।