দুৰ্নীতিৰ বিৰুদ্ধে অত্যন্ত কঠোৰ স্থিতি গ্ৰহণ কৰিছে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই। অসম আৰক্ষীক অপৰাধ আৰু অপৰাধীৰ বিৰুদ্ধে 'ফ্ৰী হেণ্ড' প্ৰদান কৰা মুখ্যমন্ত্ৰী ড° শৰ্মাৰ দৃঢ় স্থিতিৰ পাছতেই তৎপৰ হৈ পৰিছে অসম আৰক্ষী। লগতে দুৰ্নীতি ৰোধৰ বাবে ৰাইজৰো সহায়- সহযোগিতা বিচাৰে। 

ৰাইজৰ সহযোগত আৰু মুখ্যমন্ত্ৰীৰ নিৰ্দেশৰ পাছত ২০২১ চনৰ ১০ মে'ৰ বৰ্তমানলৈ ৪৩ গৰাকী চৰকাৰী বিষয়া- কৰ্মচাৰী গ্ৰেপ্তাৰ কৰে। একেদৰে আৰক্ষীয়ে ড° হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰীৰূপে দায়িত্ব গ্ৰহণ কৰাৰ পৰা বৰ্তমানলৈ ৩৬টা গোচৰৰ অভিযোগনামা আদালতত দাখিল কৰিছে। ইয়াৰ পূৰ্বতে ২০১৮ চনত মাত্ৰ ৬টা, ২০১৯ চনত ৭ টা, ২০২০ চনত ৫টা আৰু ২০২১ চনত ৫ টা গোচৰৰ অভিযোগনামা দাখিল কৰিছিল।