গুৰুজনাৰ তিৰোভাৱ তিথিৰ দিনটোত গোলাঘাটৰ শ্ৰী শ্ৰী আঠখেলীয়া নামঘৰত সেৱা ল’লে কৃষিমন্ত্ৰী অতুল বৰাই ৷ আজি জগতগুৰু শ্ৰীমন্ত শংকৰদেৱৰ ৪৫৪ সংখ্যক তিৰোভাৱ তিথি। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে গোলাঘাটৰ শ্ৰী শ্ৰী আঠখেলীয়া নামঘৰতো পুৱাৰে পৰা দেখা ভক্তপ্ৰাণ ৰাইজৰ গুনানুকীৰ্তন ৷ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ ভক্তপ্ৰাণ লোক আহি আঠখেলীয়া নামঘৰত এগচি বন্তি প্ৰজ্বলন কৰাৰ লগতে শৰাই অৰ্চনা কৰে ৷ আনহাতে পুৱাৰে পৰা নামঘৰত পুৰুষ-মহিলা সকলোৱে নাগাৰা নাম গাই এক আধ্যাত্মিক পৰিবেশৰ সৃষ্টি কৰিছে ৷ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ তিৰোভাৱ তিথিৰ দিনটোত আঠখেলীয়া নামঘৰত উপস্থিত হয় কৃষিমন্ত্ৰী অতুল বৰা ৷ মন্ত্ৰীগৰাকীয়ে নামঘৰত বন্তি প্ৰজ্বলন কৰি সকলোৰে মংগল কামনাৰে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাই ৷ ৰাজনৈতিক কামত প্ৰতিদিনাই ব্যস্ত থকা মন্ত্ৰী অতুল বৰাই আধ্যাত্মিক পৰিবেশৰ মাজত নিজকে বিলীন কৰিলে ৷ শ্ৰীমন্ত শংকৰদেৱৰ তিথি উপলক্ষে হাজাৰ ভক্তপ্ৰাণ ৰাইজে ভিৰ কৰিলেহি আঠখেলীয়া নামঘৰত ।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
पाचोडसह परिसरात पोळा संण उत्साहात साजरा
पाचोडसह परिसरात पोळा संण उत्साहात साजरा
पाचोड(विजय चिडे) पाचोडसह ता.पैठण...
રખિયાલ વિસ્તારમાં જાહેર રોડ પર એમડી ડ્રગ વેંચતા યુવકને એસઓજીએ દબોચી લીધો
રખિયાલ વિસ્તારમાં જાહેર રોડ પર એમડી ડ્રગ વેંચતા યુવકને એસઓજીએ દબોચી લીધો
Mahua moitra Lok Sabha Speech: No Confidence Motion पर चर्चा के दौरान जमकर गरजीं महुआ | Rahul Gandhi
Mahua moitra Lok Sabha Speech: No Confidence Motion पर चर्चा के दौरान जमकर गरजीं महुआ | Rahul Gandhi
મહિલા મોરચા ની બહેનો દ્વારા પોલીસ કર્મીઓને બાંધી રાખડી
આજ રોજ ખેડબ્રહ્મા તાલુકા મહિલા મોરચા દ્વારા ખેડબ્રહ્મા પોલીસ સ્ટેશન ખાતે રક્ષાબંધનની ઉજવણી...