আন্তঃৰাজ্যিক সীমা বিবাদ সন্দৰ্ভত সোণাৰিৰ চৰাইপুঙত দল-সংগঠনৰ বৈঠক।

অসম-অৰুণাচল প্ৰদেশ সীমা বিবাদ সন্দৰ্ভত আলোচনা কৰাৰ উদ্দেশ্যে আজি চৰাইদেউ জিলাৰ সীমান্তৱৰ্তী অঞ্চল চৰাইপুঙত স্থানীয় বিভিন্ন দ'ল-সংগঠনসমূহে একত্ৰিত হৈ এখন সভা অনুষ্ঠিত কৰে। সদৌ টাই আহোম ছাত্ৰ সন্থাৰ চৰাইপুঙ আঞ্চলিক সমিতিৰ কাৰ্যালয়ত অনুষ্ঠিত হোৱা এই সভাত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ চৰাইদেউ জিলা সমিতি, চৰাইপুঙ আঞ্চলিক ছাত্ৰ সন্থাৰ লগতে আছা, আটছাকে ধৰি ক্ষুদ্ৰ চাহ খেতিয়ক সকল উপস্থিত থাকি কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰে। সিদ্ধান্ত অনুসৰি সীমা বিবাদ শীঘ্ৰেই সমাধানৰ উদ্দেশ্যে চৰাইদেউ জিলা উপায়ুক্তৰ জৰিয়তে মুখ্যমন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰা হ'ব।