সংবাদদাতা, মাৰ্ঘেৰিটাঃ তিনিচুকীয়া জিলাৰ অন্তৰ্গত বৰগোলাই শাখা সাহিত্য সভাৰ উদ্যোগত আজি অনুষ্ঠিত হয় এক গ্ৰন্থ উন্মোচনী অনুষ্ঠান। বৰগোলাই শাখা সাহিত্য সভাৰ সভাপতি ভানু চক্ৰৱত্তীৰ পৌৰাহিত্যত বৰগোলাই আদৰ্শ হিন্দী বিদ্যালয়ত অনুষ্ঠিত হয় উন্মোচনী অনুষ্ঠান।

শাখাৰ সম্পাদক সমীৰণ বৰঠাকুৰে উদেশ্য ব্যাখ্যা কৰা অনুষ্ঠানত কবি, প্ৰবন্ধকাৰ গল্পকাৰ গীতা শৰ্মা বৰদলৈৰ গল্প সংকলন “ প্ৰাচীৰ ভাঙি” উন্মোচন কৰে বিশিষ্ট কবি, ঔপন্যাসিক ড০ ৰনজিত দত্তই। ভাষণ প্ৰসংগত ড০ দত্তই বৰগোলাই শাখা সাহিত্যৰ পদক্ষেপক শলাগ লোৱাৰ লগতে শাখা সভা সমূহে শাখাৰ মুখপত্ৰ আৰু অন্যান্য গ্ৰন্থ প্ৰকাশত গুৰুত্ব দিয়া উচিত বুলি মন্তব্য কৰে।

প্ৰবীৰ জ্যোতি বৰা, ডিম্পী বৈশ্য, ৰুক্মিনী হালৈ, উত্তৰা বৰুৱা, গীতা শৰ্মা, যোগেশ বিকাশ গগৈ, মনজিত ৰাজখোৱা, আদি বহু কেই গৰাকী কবিয়ে কৰা স্বৰচিত কবিতা পাঠ আৰু নৃত্য শিল্পী সম্প্ৰীতি বৰঠাকুৰে পৰিবেশন কৰা নৃত্যই অনুষ্ঠানটি মনোগ্ৰাহী কৰি তোলে।

অনুষ্ঠানত সদৌ অসম প্ৰাথমিক শিক্ষক সন্মিলনীৰ কেন্দ্ৰীয় উপসভাপতি উৎপল কোঁৱৰ, মাৰ্ঘেৰিটা মহাবিদ্যালয়ৰ অধ্যাপিকা ড০ ৰুণজুন শইকীয়া, সমাজ কৰ্মী ডি.বি.সোণাৰ, অশোক আগৰৱালা, মাৰ্ঘেৰিটা সাংবাদিক সংস্থাৰ প্ৰাক্তন সভাপতি ৰাম প্ৰসাদ আম্বেদকাৰ, আদি কেইবাগৰাকী বিশিষ্ট ব্যক্তিয়েে অংশ গ্ৰহণ কৰে।