লুখুৰাসন গৰখীয়া হাবি নামঘৰত বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰক বিপুল আদৰণি।

সোণাৰি সমষ্টিৰ অন্তৰ্গত বেঙেনাবাৰী গাঁও পঞ্চায়তৰ লুখুৰাখন গৰখীয়া হাবি গাঁও নামঘৰলৈ আজি গাঁওবাসীয়ে গায়ন-বায়নৰে বিপুল আদৰণি জনালে সোণাৰিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰক। আনহাতে গাঁওৰ নামঘৰত উপস্থিত হোৱা বিধায়কগৰাকীৰ সন্মুখত গাঁওবাসীয়ে গাঁওখনৰ প্ৰধান সমস্যা সমূহৰ বিষয়ে অৱগত কৰাত শীঘ্ৰেই চৰকাৰী নীতি নিয়ম অনুসৰি সমস্যা সমূহ সমাধানৰ আশ্বাস দিয়ে বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰে । ইফালে সমাজকৰ্মী পূৰ্ণ কোঁৱৰে আত ধৰা এই সৌহাদ্যপূৰ্ণ আলোচনাত গাঁৱৰ বয়োজেষ্ঠ ভক্ত বৈষ্ণৱ সকলে শ্ৰী শ্ৰী মাধৱদেৱৰ এষাৰি ঘোষাৰে বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰক আৰ্শীবাদ প্ৰদান কৰে । উক্ত আলোচনা সভাত অংশগ্ৰহন কৰে বেঙেনা বাৰী গাঁও পঞ্চায়তৰ সভানেত্ৰী সীমা লাহন আৰু ৰজাপুখুৰী গাঁও পঞ্চায়তৰ সভাপতি দেৱজিৎ হাজৰিকা, যুৱ মৰ্চাৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক সদস্য জ্যোতিষ কোঁৱৰ প্ৰমুখ্যে বহু কেইজন দলীয় কাৰ্যকৰ্তাই।