সোণাৰিত ৯ আৰু ৩ নং ৱাৰ্ডৰ গাওঁৰক্ষী বাহিনীৰ সজাগতা মূলক ৰাজহুৱা সভা। 

আজি সোণাৰি আৰক্ষী চকী এলেকাৰ অধীনস্থ ৯ আৰু ৩ নং গাঁওৰক্ষী বাহিনীৰ লগতে স্থানীয় সচেতন ব্যক্তিসকলক লৈ বিয়লি ৪ বজাত এক সজাগতা সভা অনুষ্ঠিত হয়। উল্লেখ্য যে সমাজৰ অপৰাধ, নিচা জাতীয় দ্ৰব্য সেৱন, বাল্য বিবাহ, হত্যা, মাৰপিট আদি বন্ধ কৰাৰ উদ্দেশ্যে এই সজাগতা সভা অনুষ্ঠিত হয় বুলি উদ্যোক্তাসকলে জানিবলৈ দিয়ে।

নিশা হ'লেই নিজৰ ঘৰ পৰিয়াল এৰি অহা এই সকল গাওঁৰক্ষী বাহিনীৰ হাতত লাঠি আৰু টৰ্ছেই একমাত্ৰ সম্বল। গাঁওখনৰ জনসাধাৰণে যাতে নিজকে সুৰক্ষিত অনুভৱ কৰে তাৰে প্ৰয়াস গাওঁৰক্ষী বাহিনীৰ। 

আজিৰ সভাৰ সভাপতিত্ব কৰে অমৰ জিৎ দাসে, সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে সম্পাদক মেহবুব আহমেদে। উপস্থিত থাকে সোণাৰি আৰক্ষী থানাৰ চক্ৰ সংগঠক বিষয়া শত্ৰুঘণ গোৱালা,সমাজ কৰ্মী ক্ৰমে বকুল পাল,ৰবি ঘোষ, সোণাৰি নগৰ ৯ নং ৱাৰ্ড আয়ুক্তা চুমা দাস, ৯ নং ৱাৰ্ড মছজিদ কমিটীৰ সম্পাদক মুছতাক আলি, স্থানীয় গাওঁৰক্ষী বাহিনীৰ লগতে ৰাইজৰ উপস্থিতিত সভাখন সুচাৰুৰূপে অনুষ্ঠিত হয়।