মৰিগাঁও জিলাৰ ভূৰবন্ধা শিক্ষা খণ্ডৰ অন্তৰ্গত বৰচিলা মণ্ডল সমল কেন্দ্ৰৰ শিক্ষক সকলৰ এখনি স্বৰচিত কাব্যসংকলন উন্মোচন হয়। মণ্ডল সমল কেন্দ্ৰটিৰ অন্তৰ্গত গাখজুৱা মধ্য ইংৰাজী বিদ্যালয়ত অনুস্থিত গ্ৰন্থ উন্মোচনী অনুষ্ঠানত বিশিষ্ট সাহিত্যিক,কবি, শিক্ষক মনোজ কুমাৰ দেওৰজাৰ সম্পাদনাত প্ৰকাশিত নৈপৰীয়া সুহুৰি শীৰ্ষক কবিতা সংকলনটোৰ উন্মোচনী অনুষ্ঠানৰ সংগতিৰে এখনি মনোজ্ঞ কাব্যনুষ্ঠানো অনুষ্ঠিত কৰে আয়োজক সকলে। অনুষ্ঠানত বন্তি প্ৰজ্বলন কৰে কৰুণা বৰদলৈয়ে।ভূৰবন্ধা শিক্ষা খণ্ডৰ শিক্ষা বিষয়া শান্তি নাথে নৈপৰীয়া সুহুৰি নামেৰে প্ৰকাশিত কাব্য সংকলন খনি উন্মোচন কৰি শিক্ষা গুৰু সকলৰ এই মহৎ প্ৰচেষ্টাৰ শলাগ লয়। উন্মোচনী কাৰ্যসূচীৰ পিছতেই মৰিগাঁও জিলা কবি সন্মিলনৰ সম্পাদক মাধৱ চন্দ্ৰ ডেকাৰ সঞ্চালনাত শিক্ষক কবি সকলৰ লগতে আমন্ত্ৰিত কবি সকলৰ কবিতা পাঠৰ অনুষ্ঠানটি অনুষ্ঠিত হয়। বিশিষ্ট কবিৰ কবিতা পাঠে অনুষ্ঠানটো আকৰ্ষণীয় কৰি তোলাৰ লগতে বিদ্যালয়ৰ ছাত্ৰী সকলৰ মাজৰ পৰা জোনাকী বৰদলৈৰ আবৃত্তিয়ে অনুষ্ঠানৰ সৌস্তভ বৃদ্ধি কৰে। সঞ্চালক মাধৱ চন্দ্ৰ ডেকাই কাব্য চৰ্চাৰ জৰিয়তে সমৃদ্ধিশালী সমাজ নিৰ্মাণত কবি সকলৰ দায়িত্ব অধিক বুলি মন্তব্য কৰি কাব্য সাহিত্য চৰ্চাত নিয়োজিত থাকিবলৈ আহ্বান জনায়।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
ৰহা দীঘলদৰিত ৩দিনীয়া গ্ৰীষ্মকালীন নাট আৰু কবিতা কৰ্মশালাৰ সফল সমাপন।কন কন শিশু সকলে নাট মঞ্চস্থ কৰি সকলোকে কৰে আপ্লুত।
ৰহা দীঘলদৰিত যোৱা ২০জুলাই তিনি দিনীয়া কাৰ্য্যসূচীৰে আৰম্ভ হোবা গ্ৰীষ্মকালীন নাট আৰু কবিতা...
অসম অৰুণাচলৰ সীমা বিবাদকলৈ সভা অনুষ্ঠিত।
অসম অৰুণাচলৰ সীমা বিবাদকলৈ সভা অনুষ্ঠিত।
কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজতেই চৰাইদেউ জিলাত...
ডিব্ৰুগড়ৰ ডনবস্ক স্কুলত মাৰপিটৰ ঘটনাৰ
ডিব্ৰুগড়ৰ আগশাৰীৰ ইংৰাজী মাধ্যমৰ শিক্ষানুষ্ঠান ডনবস্ক উচ্চতৰ মাধ্যমিক বিদ্যালয়ত দুই ছাত্ৰ দলৰ...
જેતપુર બાયપાસ રોડ પર સ્ટ્રીટ લાઈટોનાં કનેક્શન કાપવામાં આવ્યા..
જેતપુર બાયપાસ રોડ પર સ્ટ્રીટ લાઈટોનાં કનેક્શન કાપવામાં આવ્યા..
જેતપુર તત્કાલ ચોકડી તેમજ...