নিষিদ্ধ ঘোষিত সংগঠন আলফা (স্বাঃ)ৰ বিত্ত সম্পাদক জীৱন মৰাণৰ মৃত্যু। সন্ধিয়া ৮.৪৫ বজাত গুৱাহাটীত মৃত্যু জীৱন মৰাণৰ। 

জটিল ৰোগত আকৰান্ত হৈ গুৱাহাটীৰ এপল’ হাস্পতালত চিকিৎসাধীন হৈ আছিল জীৱন মৰাণ। 

উল্লেখ্য যে সুদীৰ্ঘ ৩৭ বছৰ পিছত যোৱা বৰ্ষৰ ৩০ এপ্ৰিলত ঘৰলৈ ঘূৰি আহিছিল আলফা নেতা জন। 

স্বাধীন অসমৰ সপোন বুকুত বান্ধি ১৯৮৪ চনতে তিনিচুকীয়া জিলাৰ কাকপথাৰ ওৱন গাঁৱৰ পৰা বন্দুকৰ গুলী কামুৰি ওলাই যোৱা জীৱন মৰাণে কাচিনত প্রশিক্ষণ গ্রহণ কৰা প্রথম পর্যায়ৰ সদস্য হোৱাৰ লগতে সেনাৰ অপাৰেশ্যন ৰাইনো আৰু বজৰঙৰ সময়ত ‘বিশেষ কর্তব্যৰত বিষয়া’ ৰূপে দায়িত্ব গ্রহণ কৰি তিনিচুকীয়া জিলাত থকা আলফাৰ সাধাৰণ মুখ্য কার্যালয় সুৰক্ষিতভাৱে ৰাখিবলৈ সক্ষম হৈছিল৷