শিৱসাগৰত অসমীয়া যুৱ মঞ্চ কেন্দ্ৰীয় সমিতিৰ সংবাদমেল
আজি শিৱসাগৰ প্ৰেছ ক্লাৱত অসমীয়া যুৱ মঞ্চৰ কেন্দ্ৰীয় সমিতিয়ে এখনি সংবাদমেল আয়োজন কৰে | এই সংবাদমেলত চৰকাৰৰ বিনামূলীয়া আচঁনি সমুহৰ ওপৰত ক্ষুৰধাৰ সমালোচনা কৰে | সংবাদমেল যোগেদি সংগঠনটোৱে কয় অসমৰ মুখ্যমন্ত্ৰীয়ে সোণৰ অসম গঢ়াৰ যি সপোন দেখিছিল ই কেতিয়াও সম্ভৱ নহয় | যিহেতু মুল্যবৃদ্ধিয়ে ৰামটাঙোন মাৰিছে সৰ্বসাধাৰণ ৰাইজক | লগতে সংগঠন টোৱে বিনামূলীয়া আচঁনি সমুহ বন্ধ কৰিব আহ্বান জনাই মুখ্যমন্ত্ৰীক | কিয়নো বিনামূলীয়া আচঁনি নামত ভেকুভাওঁণা কৰিছে এইখন চৰকাৰে | আচঁনি সমুহ যেনিয়ে চোৱা হয় কেৱল মাত্ৰ দুৰ্নীতি | আমগুৰি বাসী ৰাইজক সপোন দেখাই এইখন চৰকাৰে ৭০ মেগাৱাট সৌৰশক্তি উদ্ধোধন কৰিছিল | এয়া মাত্ৰ নামতহে | কামত একো নাই | দিনটো বিদ্যুৎ নামত কেৱল লুকাভাকু | আনহাতে সংবাদ মেলত সংগঠনটোৱে কয় Gst য়ে অসমীয়া খাতি খোৱা মানুহক মাধমাৰ শোধাইছে | পুৱা পৰাই ৰাতি শুৱা লৈকে কেৱল মাথো GST GST | এতিয়া মাত্ৰ মৃতদেহটো হে GST লগাব বাকী আছে | পাৰিলে সইটো GST লগাব অনুৰোধ জনাই চৰকাৰক |