জটিল ৰোগত আক্রান্ত ঢকুৱাখনাৰ এজন দৰিদ্ৰ অকলশৰীয়া লোক।

পত্নী,কণমানি কন্যাই নিৰুপাই হৈ কান্দি কান্দি সহায় বিচাৰিছে মুখ্যমন্ত্ৰীক।

ঢকুৱাখনা মহকুমাৰ মৰনৈ গাঁৱৰ পঞ্চায়তৰ ভঁৰাল ভেটি গাঁওৰ অৰূপ ডেকা নামৰ যুৱক জন জটিল ৰোগত আক্রান্ত হৈ থকাত কাল অমানিশা নামি আহিছে তেওঁ দুৰ্ভগীয়া পৰিয়াল তোলৈ।চিকিৎসা বাবে নিঠৰুৱা ,দৰিদ্ৰ পৰিয়ালটোৱে যি কেইটা সাঁচতীয়া ধন আৰু ঘৰৰ সা সম্পত্তি আছিল সকলো বেছি শেষ হোৱাত নিৰুপাই হৈ পৰিছে।

বাসুদেৱ থানৰ সন্মুখত এখন ক্ষুদ্ৰ ধূপ চাকিৰ দোকান দি কোনোমতে জীৱন নিৰ্বাহ কৰি থকা পৰিয়ালটোৰ একমাত্ৰ উপাৰ্জনকাৰী লোকজন অৰূপ ডেকা এক জটিল ৰোগত আক্ৰান্ত হোৱাত এতিয়া দিক বিদিক হেৰুৱাই পেলাব লগা হৈছে পত্নী আৰু কণমানি দুই  কণ্যাই।কিয়নো এতিয়া স্বামীক কেনেকৈ চিকিৎসা কৰিব?কেনেদৰে কণমানি ছোৱালী দুজনী সৈতে ঘৰখন চলাই নিব তাৰে চিন্তাত পৰিছে পৰিয়ালটোৱে।

ব্যক্তি জনক উন্নত চিকিৎসা বাবে এতিয়া যথেষ্ট পৰিমানে ধনৰ প্ৰয়োজন হৈছে যদিও সেয়া যোগাৰ কৰিবলৈ অপাৰগ হৈছে পত্নী আৰু কণমানি কন্যা দুগৰাকীৰ।

সেইহে নিৰুপাই হৈ অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা, স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্ত আৰু বিধায়ক নৱ কুমাৰ দলেৰ লগতে বিভিন্ন দল সংগঠন পৰা সহায়ৰ হাত কামনা কৰিছে দুৰ্ভগীয়া পৰিয়ালটোৱে।

ইচ্ছুক সকলে ব্যক্তি জনৰ চিকিৎসাৰ বাবে আৰ্থিক ভাৱে সহায় কৰিবলৈ তেখেতৰ পত্নীৰ পদ্মা সুত ডেকাৰ ফোন নম্বৰ 8472892756নম্বৰ ত যোগাযোগ কৰিব পাৰিব আৰু 22579723846 আৰু IFC IDID000B706 একাউন্ট নম্বৰত আৰ্থিক ভাৱে সহায় কৰিব পাৰিব।