বৰ্তমান সময়ত বন্ধন বেংকৰ লোন লৈ গাৱঁৰ মহিলাসকলে বিভিন্ন জনে বিভিন্ন ক্ষেত্ৰত কৰ্ম সংস্কৃতিৰে অৰ্থনৈতিক ভাৱে স্বাৱলম্বী হবলৈ সক্ষম হৈছে ৷চহৰ অঞ্চলৰ লগতে গাৱঁৰ মহিলাসকলে নিজৰ ভৰিত নিজে থিয় দিবলৈ সক্ষম হৈছে । বন্ধন বেংকৰ লোন লৈ এতিয়া বিভিন্ন জনে বিভিন্ন ব্যৱসায় আৰম্ভ কৰিছে ৷কিছুমানে যদি টমটম,গাড়ী লৈ তথা মৎস্য আৰু বইলাৰ পালনেৰে স্বাৱলম্বী হৈছে আন কোনোৱাই আকৌ গেলামালৰ ব্যৱসায় কৰি স্বাৱলম্বী হোৱা দেখা গৈছে ৷ ৷আজি আমি আপোনালোকক আমাৰ প্ৰতিবেদনৰ মাজেৰে দেখুৱাম শূণ্যৰ পৰা স্বাৱলম্বী হোৱা কিছু মহিলাৰ স্বাৱলম্বী হোৱাৰ আৰঁৰ কাহিনী লৈ আজি আমাৰ বিশেষ প্ৰতিবেদনত।বিভিন্নজনৰ দৰে কলাবাৰী বন্ধন বেংকৰ শাখাৰ ডুবিয়া অন্তগত মিকিবৰাচুক অন্তগত বাসিন্দা কোষেশ্বৰ ভূঞাই বন্ধন বেংকৰ লোণ লৈ নিজে নিজৰ ভৰিত থিয় হোৱাৰ প্ৰয়াস কৰিছে ৷প্ৰথমে ১৫০০ টকাৰে লোনটো আৰম্ভ কৰিছিল তেখেতে ৷ সেই লোনেৰে এখন ক্ষুদ্ৰ দোকান আৰম্ভ কৰিছিল আৰু এই দোকানৰ পৰাই তেওঁলোকৰ ঘৰ চলিছিল ।

এনেদৰেই তেওঁ লোন বৃদ্ধি কৰি পাছলৈ তেওঁৰ সেই ক্ষুদ্ৰ দোকান খন নিৰ্মাণ কৰি এখন ডাঙৰ দোকান বনাবলৈ সক্ষম হ’ল ।বন্ধনৰ পৰা লোন লৈ কোষেশ্বৰ ভূঞাই নিজৰ মাটিত দুটাকৈ পুখুৰী খান্দি মৎস্য পালন কৰি স্বৱলম্বিতা নিদৰ্শন দাঙি ধৰিছে।লগতে তেওঁ এখন টমটম কিনিবলৈও সক্ষম হৈছে ।কেইবাবছৰো লোনৰ টকাৰে ব্যৱসায় কৰাৰ ওপৰিও নিয়মিত কিস্তি পৰিশোধ কৰি আছে কোষেশ্বৰ ভূঞাৰ ৷কোষেশ্বৰ ভূঞাৰ লগতে কলাবাৰী শাখাৰ উন্নতি অভিমুখে স্বাৱলম্বী হোৱাৰ কিছু পৰিয়ালৰ বন্ধনৰ বেংকৰ প্ৰসংসা আলোপ্ৰাত।