ধূলাত ৰাইজে গাঁঠিৰ ধন খৰচ কৰি মেৰামতি কৰিলে পথ । কোনো জনপ্ৰতিনিধিয়ে পথটো মেৰামতি কৰাত গুৰুত্ব প্ৰদান নকৰাত ৰাইজে মেৰামতি কৰে । শীঘ্ৰে পথ পকীকৰণৰ দাবী । 

Sponsored

महावीर कुल्फी सेन्टर - बूंदी

महावीर कुल्फी सेन्टर की और से बूंदी वासियों को दीपावली की हार्दिक बधाई व शुभकामनाएं

দৰঙৰ মঙলদৈ সমষ্টিৰ অন্তৰ্গত ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ সৰকাৰ চকৰ পৰা ওন্দোলাঝাৰ চকলৈ যোৱা একমাত্ৰ পথটোৰে দীৰ্ঘ দিন ধৰি যমৰ জাতনা ভুগি যাতায়াত অব্যাহত ৰাখিছিল বিদ্যালয় মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী সকলৰ লগতে পথচাৰী সকলে । সামান্য বৰষুণতে পথটোত সৃষ্টি হৈছিল একাঠু বোকাৰ । স্থানীয় ৰাইজে জনপ্ৰতিনিধিক বাৰম্বাৰ অৱগত কৰাৰ পিছতো কোনো গুৰুত্ব প্ৰদান নকৰাত ৰাইজে গাঁঠিৰ ধনেৰে শিল বালি ক্ৰয় কৰি নিৰ্মাণ কৰিলে সাব্যস্তপূৰ্ণ পথটো । সৰকাৰ চকৰ দোকানী সকলে দ দ গাত মাটিৰে পূৰণ কৰাৰ লগতে স্থানীয় সমাজ সেৱক হিবজুল কবিৰে দুই ডাম্পাৰ শিল বালি যোগান ধৰাত মেৰামতি কৰা হয় পথটো । পথটো মেৰামতি কৰি শীঘ্ৰে পকীকৰণ কৰিবলৈ বিভাগীয় কৰ্তৃপক্ষৰ ওচৰত দাবী জনাইছে স্থানীয় সমাজ সেৱক হিবজুল কবিৰে ।