তিনিচুকীয়াত প্ৰতিদিনে কৃত্ৰিম বানপানীৰ সমস্যাই ভয়ংকৰ ৰূপ ধাৰণ কৰিছে ।

শনিবাৰে সন্ধিয়া হোৱা এজাক বৰষুণতে জলমগ্ন  তিনিচুকীয়াৰ চলিহা বৰদলৈ নগৰ ।

তিনিচুকীয়াৰ অসামৰিক চিকিৎসালয়ৰ কাষেৰে যোৱা পথটো এজাক বৰষুণতে একাঠু পানীৰে ভৰি পৰাত যাতায়তৰ ক্ষেত্ৰত যথেষ্ঠ সমস্যাই দেখা দিছে ।

তিনিচুকীয়া পৌৰসভাৰ গাফিলতিৰ বাবেই কৃত্ৰিম বানপানী সমস্যাৰ সৃষ্টি হোৱা বুলি অভিযোগ তুলি অতিশীঘ্ৰে বানপানীৰ সমস্যা সমাধানৰ বাবে তিনিচুকীয়া পৌৰসভাৰ লগতে  চৰকাৰ, প্ৰশাসনক দাবী জনাইছে অঞ্চলবাসীয়ে  ।