এগৰাকী স্বামীৰ অসহায় স্বীকাৰোক্তি, তেওঁৰ পত্নী কাৰো সৈতে নাথাকে থাকে মাথোঁ পলিমল নামৰ মহিলা গৰাকীৰ সৈতে। হয়, টীয়কত সংঘটিত হৈছে এনে ঘটনা, এই ঘটনাই ইতিমধ্যে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।

টীয়ক আৰক্ষী থানাৰ অন্তৰ্গত জাঁজী হাহঁচৰাৰ নীলমণি খাউণ্ড সৈতে সাত বছৰৰ পূৰ্বে বিবাহ পাশত আবদ্ধ হৈছিল গোলাঘাটৰ চিত্ৰা খাউণ্ড। এটি পুত্ৰ সন্তানো আছে তেওঁ লোকৰ। কিন্তু মাজতে লাগিল কেণা। কিছু দিনৰ পূৰ্বে পত্নীৰ সৈতে সৰু কথাতে কাজিয়া হৈছিল নীলমণি খাউণ্ডৰ। কাজিয়াৰ পিছতেই চিত্ৰা খাউণ্ড গোলাঘাটৰ মাকৰ ঘৰলৈ গুচি গৈছিল। তাতেই চিনাকি হ'ল ৰূপম চাহু নামৰ এজন যুৱকৰ লগত। ৰূপমৰ যোগেদি চিনাকি হ'ল ডিব্ৰুগড়ৰ পলিমল শইকীয়া নামৰ মহিলা গৰাকীৰ সৈতে । সেই চিনাকীয়ে কাল হ'ল নীলমণিৰ বাবে। একমাত্ৰ সন্তানটোৰ বাবেই চিত্ৰাক ঘূৰাই আনিব বিচাৰি হাহাকাৰ কৰিবলগীয়া হৈছে এই গৰাকী অসহায় স্বামী। আৰক্ষীৰ যোগেদি নীলমণিয়ে পত্নীক নিজৰ ঘৰলৈ নিব বিচাৰে যদিও পত্নী চিত্ৰা, পৰিমল নামৰ মহিলা গৰাকীৰ সৈতে যাব বিচৰাত। থানাতে এক চুক্তি কৰি পৰিমলৰ লগত পঠিয়াই দিয়া হ'ল চিত্ৰাক। 

কিন্তু এদিনৰ পূৰ্বে চিত্ৰাই স্বামী নীলমণিলৈ ফোন কৰি ঘূৰি আহিব বিচৰাত হিন্দু পৰিষদৰ সহযোগিতাত টীয়ক আৰক্ষী উপস্থিত হয় ডিব্ৰুগড়ৰৰ কঠোৱা গাওঁত। কিন্তু চিত্ৰা খাউণ্ডক পলিমলৰ ঘৰত নাপায় আৰক্ষীয়ে আটক কৰি আনে পলিমল নামৰ আশা কৰ্মী গৰাকীক।

এতিয়া আৰক্ষীৰ উচিত তদন্ততহে পোহৰলৈ আহিব কিয় চিত্ৰা খাউণ্ড পলিমল শইকীয়া নামৰ মহিলা গৰাকীৰ লগতহে থাকিব বিচাৰে। কোন এই গোলাঘাটৰ ৰূপম চাহু।

পলিমলে কোনো নাৰী সৰবৰাহকাৰীক গতালে নেকি চিত্ৰা খাউণ্ডক ?