নিজখালৈঘোগুৰাত প্ৰয়াত আনন্দ বৰুৱা সোঁৱৰণী ফুটবল প্ৰতিযোগিতাৰ আজি উদ্বোধনী

চৰাইদেউ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত নিজখালৈঘোগুৰা, দিচাংপানী আৰু ডবাৰ ৰাইজৰ সহযোগত আয়োজিত আন্তঃমণ্ডল ১৩ বছৰ অনুৰ্ধ্বৰ প্ৰয়াত আনন্দ বৰুৱা সোঁৱৰণী ফুটবল প্ৰতিযোগিতাৰ আজি উদ্বোধনী খেলত মন্ত্ৰী যোগেন মহন অংশগ্ৰহণ কৰে । কিশোৰ সকলৰ প্ৰতিভা প্ৰদৰ্শনৰ বাবে এনেধৰণৰ প্ৰতিযোগিতা সমূহে এখন উচিত মঞ্চ প্ৰদান কৰে।