তিনিচুকীয়া আইন সেৱা শিবিৰৰ উদ্ধো

 জিলা আইন সেৱা প্ৰাধিকৰণ,তিনিচুকীয়াৰ সৌজন্যত আৰু অসম ৰাজ্যিক আইন সেৱা প্ৰাধিকৰণ তত্বাৱধানত আৰু তিনিচুকীয়া জিলা প্ৰশাসনৰ সহযোগত হোৱা তিনিচুকীয়া আইন সেৱা শিবিৰ,শনিবাৰে তিনিচুকীয়াস্থিত টি, ডি,এ সাংস্কৃতিক কেন্দ্ৰত আনুষ্ঠানিকভাৱে উদ্ধোধনী কৰে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ আৰ.এম.চায়া ই। 

সম্পূৰ্ণ ৰাষ্ট্ৰীয় মৰ্যদা আৰু গায়ন-বায়নেৰে আদৰা হয় মুখ্য ন্যায়াধীশ জনক,লগতে মুখ্য ন্যায়াধীশ জনৰ সৈতে সংগ দিয়ে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ প্ৰশাসনিক বিভাগৰ ভৰপ্ৰাপ্ত ন্যায়াধীশ তথা অসম ৰাজ্যিক আইন সেৱা প্ৰাধিকৰণৰ কাৰ্য্যবাহী অধ্যক্ষ এন.কোটিশ্বৰ সিং, গুৱাহাটী উচ্চ ন্যায়ালয় ন্যায়াধীশ তথা তিনিচুকীয়া জিলাৰ তত্বাৱধায়ক ন্যায়াধীশ এম,আৰ, পাঠক প্ৰমুখ্যে কৰি গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ সুমন শ্যাময়ে।