জিলা আইন সেৱা প্ৰাধিকৰণ, তিনিচুকীয়াৰ সৌজন্যত আৰু অসম ৰাজ্যিক আইন সেৱা প্ৰাধিকৰণৰ তত্ত্বাৱধানত আৰু জিলা প্ৰশাসনৰ উদ্যোগত টি ডি এ সাংস্কৃতিক কেন্দ্ৰত আয়োজন কৰে এক আইন সেৱা শিৱিৰ ৷ উক্ত আইন সেৱা শিৱিৰত বিশেষভাৱে উপস্থিত থাকে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ আৰ এম ছায়া, গুৱাহাটী উচ্চ ন্যায়ালয়ৰ প্ৰশাসনিক বিভাগৰ ভাৰপ্ৰাপ্ত ন্যায়াধীশ তথা অসম ৰাজ্যিক আইন সেৱা প্ৰাধিকৰণৰ কায্যবাহী অধ্যক্ষ এন কোটিশ্বৰ সিং, গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ তথা তিনিচুকীয়া জিলা তত্ত্বাৱধায়ক ন্যায়াধীশ এম আৰ পাঠক আৰু গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ সুমন শ্যাম ৷
জিলা আইন সেৱা প্ৰাধিকৰণ ও অসম ৰাজ্যিক আইন সেৱা প্ৰাধিকৰণৰ তত্ত্বাৱধানত, জিলা প্ৰশাসনৰ আইন সেৱা শিৱিৰ
![](https://i.ytimg.com/vi/J8PLZptI4_A/hqdefault.jpg)