অসম-অৰুনাচল সীমান্তৱৰ্তী ভুমিক লৈ অব্যাহত আছে তীব্ৰ প্ৰতিক্ৰিয়া অসমৰ ভুমি অৰুনাচলক দিয়াৰ বিৰোধিতা

ধেমাজি জিলাৰ ডিমৌৰ অসম-অৰুনাচলৰ সীমান্তৱৰ্তী অঞ্চল নিউ সীমান্তত সুদীৰ্ঘ বছৰ ধৰি ভুমি বিবাদৰ ঘটনাই চাঞ্চল্যকৰ সৃষ্টি হৈ থকাৰ সময়তে পুনৰ অঞ্চলটোত গা কৰি উঠিছে ভুমি কেন্দ্ৰিক ঘটনাই ৷ বৰ্ষটোৰ ১৪ জুলাইত ঐতিহাসিক নামচাই ঘোষণা পত্ৰত স্বাক্ষৰত অসমৰ বিবাদমান ভুমিৰ তালিকা প্ৰকাশ হোৱাৰ পিছতেই উত্তেজিত হৈ আছে সীমান্তৱৰ্তী অঞ্চল ৷ ইপিনে আজি অসম-অৰুনাচলৰ সীমান্তৱৰ্তী গাওঁ নিউ সীমান্ত আৰু পালে বস্তিৰ মাজত উক্ত বিষয়টোক লৈ এক আলোচনা বহে ৷ আলোচনাত অৰুনাচল পালে গাৱঁৰ পৰা প্ৰতিনিধিৰূপে অহা ইবম ৰিবাই দুয়োখন ৰাজ্যৰ লগতে নিউ সীমান্ত গাৱঁৰ ৰাইজক কয় মোৰ দেউতা বা পৰিয়ালে যিজন অসমীয়াৰ লগত বিক্ৰী কৰা হৈছিল সেই ভুমিক কেতিয়াও অৰুনাচলৰ বুলি অৰুনাচলীয়ে দাবী কৰিব নোৱাৰিব বুলি দাবী কৰাৰ উপৰিও তাৰ বাবে তেওঁ নিজে দায়ী হম বুলিও মন্তব্য আগবঢ়ায় ৷ তদুপৰি গাওঁখনৰ উপৰিও যিসকল ব্যক্তিয়ে অৰুনাচলীৰ পৰা ভুমি ক্ৰয় কৰিছিল সেইসকল পূৰ্বৰ ভুমিৰ মালিকীস্বত্ব সকলেও ভুমিৰ অগ্ৰাধিকাৰ প্ৰদান কৰিবলৈ কয়৷ ইপিনে উক্ত অঞ্চলটোক যদি অসম চৰকাৰে অৰুনাচল প্ৰদেশক এৰি দিয়ে তেতিয়া ৰাইজে আত্মহত্যাৰ পথ বাচি লব বুলি চৰকাৰক সকীয়নি দিয়ে।