নলবাৰীৰ শুশ্ৰুষা হাস্পতালত এগৰাকী প্ৰসূতি মহিলাৰ আকস্মিক মৃত্যুক লৈ উত্তেজনাময় পৰিস্থিতিৰ সৃষ্টি হৈছে।
কুমাৰ ভাস্কৰ বৰ্মা সংস্কৃত ও পুৰাতন অধ্যয়ন বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ সহকাৰী অধ্যাপিকা ড৹ ৰুমী কাকতিৰ আকস্মিক মৃত্যুক লৈ আজি নিশা উত্তেজনাময় পৰিস্থিতিৰ সৃষ্টি হয় শুশ্ৰুষা হস্পিতালত।
প্ৰসূতি জনিত কাৰণত সহকাৰী অধ্যাপিকা গৰাকীক তিনিদিন পূৰ্বে ভৰ্তি কৰোৱা হৈছিল চিকিৎসালয় খনত।
মহিলা গৰাকীৰ পৰিয়ালৰ লোকে জনোৱা মতে বৃহস্পতিবাৰে পুৱাৰ ভাগত এটা পুত্ৰ সন্তান জন্ম দিয়ে।
মহিলা গৰাকীৰ স্বাস্থ্যৰ অৱস্থা সকলো ঠিকে থাকে আছিল যদিও আজি ব্লাড প্ৰেছাৰ বৃদ্ধি পোৱাত তেওঁক আই চি ইউত ভৰ্তি কৰাই চিকিৎসকে।
পিছে সন্ধিয়াৰ ভাগত হঠাতে চিকিৎসালয় কৰ্তৃপক্ষই মহিলা গৰাকীৰ মৃত্যু হোৱাৰ খবৰ পৰিয়ালক জনোৱাত হাহাকাৰ লাগে পৰিয়ালৰ লোক সকলৰ মাজত।
ইয়াৰ পিছতে আত্মীয়ই হাস্পতালখনত এক উত্তেজনাপূৰ্ণ পৰিবেশৰ সৃষ্টি কৰাত পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ আৰক্ষীক মোতায়েন কৰিবলগীয়া হয়।