ৰাইজৰ দলে অনলাইন যোগে অনুষ্ঠিত কৰা 

 প্ৰয়াত যজ্ঞোৰাম গগৈৰ সোঁৱৰণত অনুষ্ঠিত হোৱা বিষ্ণুপ্ৰসাদ ৰাভা সংগীত প্ৰতিযোগিতাত প্ৰথম পুৰস্কাৰ লাভ কৰিছে ৰঙিয়াৰ বনশ্ৰী দেৱীয়ে । 

দলটোৱে আজি আনুষ্ঠানিক ভাবে প্ৰথম পুৰস্কাৰ প্ৰাপ্ত বনশ্ৰী দেৱীক ৰঙিয়া প্ৰেছ ক্লাবত পুৰস্কাৰ প্ৰদান কৰা হয় ।  

ৰঙিয়া প্ৰেছ ক্লাবত ৰাইজৰ দলৰ নেতা হৰেশ্বৰ বৰ্মনে আঁতধৰা অনুষ্ঠানটোত উপস্থিত থাকে ৰাইজৰ দলৰ কেন্দ্ৰীয় তথ্য আৰু প্ৰচাৰ সম্পাদক সৌৰভ গগৈ, ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ কেন্দ্ৰীয় সম্পাদক প্ৰাঞ্জল কলিতা, ৰাইজৰ দলৰ নেতা ওযৰ ফাৰুক, ধিৰু গগৈৰ লগতে সাংবাদিক যোগেশ মজুমদাৰ । 

অনুষ্ঠানটোত প্ৰথম পুৰস্কাৰ প্ৰাপ্ত বনশ্ৰী দেৱীয়ে জয়ন্ত হাজৰীকাৰ গীতেৰে সকলোকে মুগ্ধ কৰে ।